উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল বইটামাৰীৰ যমজ ভগ্নী

নিয়মীয়া বাৰ্তা, ৯ মে’ : আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী অঞ্চলৰ দুগৰাকী যমজ ভগ্নীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অঞ্চলটোৰ বাঁশবাৰী গাঁৱৰ ধনেশ্বৰ নাথ আৰু পনাকী নাথৰ দুই যমজ কন্যা উৰ্বশী নাথ আৰু বৰষা নাথে ক্ৰমে পাঁচটা আৰু তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। দুয়োগৰাকী ভগ্নীয়ে বইটামাৰীৰ ব্ৰিলিয়েণ্ট একাডেমীত অধ্যয়ন কৰিছিল। উৰ্বশীয়ে পাঁচটা বিষয়ত লেটাৰসহ মুঠ ৪২৫ নম্বৰ অৰ্থাৎ ৮৫ শতাংশ নম্বৰ লাভ কৰে। আনহাতে বৰষাই তিনিটা বিষয়ত লেটাৰসহ মুঠ ৩৯২ নম্বৰ অৰ্থাৎ ৭৮.৪ শতাংশ নম্বৰ লাভ কৰে। উল্লেখ্য যে ছাত্ৰী দুগৰাকী ঘৰুৱা বিভিন্ন সমস্যাৰ মাজত অতি কষ্টেৰে অধ্যয়ন কৰিছিল। পিতৃ ধনেশ্বৰ নাথ আৰু মাতৃ পনাকী নাথে বাঁশবাৰী বজাৰত চাহ দোকান দি কোনোমতে পৰিয়ালটো চলাই আছে। ইফালে ছাত্ৰী দুগৰাকীয়ে এটা বিষয়তো টিউচন নোলোৱাকৈ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলো সময়তে ছাত্ৰীদুগৰাকীৰ পঢ়াশুনাৰ তদাৰক কৰিছিল। দুয়োগৰাকী ভগ্নীয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব বুলি জানিবলৈ দিছে। এই দুই যমজ ভগ্নীৰ এনে সফলতাৰ বাবে অঞ্চলটোৰ লোকসকলেও শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰেৰক ৰুবুল কান্তি দাস

Featured