জম্মু-কাশ্মীৰৰ ৰাজৌৰীত দুই সেনা জোৱান শ্বহীদ

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত দুজন সেনা জোৱান শ্বহীদ হয়। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে থিতাতে দুজন সন্ত্ৰাসবাদীক ঘেৰাও কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ধৰমছালৰ বাজিমল অঞ্চলত সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ ঘেৰাও আৰু তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। বিষয়াসকলে জনোৱা মতে, এই এনকাউণ্টাৰত এজন বিষয়া, এজন জোৱানে প্ৰাণ হেৰুৱাইছে আৰু আন এজন নিৰাপত্তাৰক্ষী আহত হৈছে। আহত জোৱানজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

#বাৰ্তা ডেস্ক

Featured