বকোৰ ৰাজাপাৰাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : বকোৰ ৰাজাপাৰাত আজি বকো আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলাই দুগৰাকী ড্ৰাগছ বেপাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে জনোৱা অনুসৰি কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নিৰ্দেশত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথ, উপ-পৰিদৰ্শক অপূৰ্ব কলিতা আৰু পৰীস্মিতা ৰাজখোৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই। অভিযানত আৰক্ষীয়ে ১০টা পেকেটত ১২০ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ খণ্ডকাৰ আক্ৰাম হুছেইন (৩৬) আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ শ্বাহাজুল হকক (২৬)। আৰক্ষীয়ে লগতে জব্দ কৰে এখন হোণ্ডা এছ পি ১২৫ বাইক (AS 18H 2726)। আৰক্ষী বিষয়া অপূৰ্ব কলিতাই জনোৱা মতে ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা।

প্ৰেৰক প্ৰীতম বায়ন

Featured