ৰূপহীহাট আৰক্ষীৰ জালত বিলাসী বাহনসহ দুই গৰু চোৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি চোৰাং গৰুৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিযানত এখন বিলাসী বাহনত দুটা চোৰাং গৰুসহ আটক কৰে দুই গৰুচোৰক ৷ ধৃত চোৰ দুটা হ’ল মুকছিদুল ইছলাম আৰু ছাদিকুল ইছলাম  ৷আৰক্ষীয়ে চোৰ দুটাৰ পৰা এ এছ-০১ এফভি -৪৮৩৩ নম্বৰৰ এখন বিলাসী ছুইফট বাহন জব্দ কৰে৷ চোৰ দুটাই যোৱা নিশা ৰূপহীহাটৰ ঔ-অনাৰ গৃহস্থৰ গোহালিৰ পৰা গৰু দুটা চুৰি কৰি লৈ যোৱাৰ সময়তে ৰূপহীহাট আৰক্ষীৰ জালত পৰে ৷ ৰূপহীহাট আৰক্ষীয়ে ধৃত চোৰ দুটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured