হৃদয়বিদাৰক : ছয়গাঁৱত অগ্নিকাণ্ডত দুই মূকবধিৰ ভাতৃৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : ছয়গাঁৱৰ জাহিৰপুৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ বাসগৃহত জুই লাগি একেলগে প্ৰাণ গ’ল দুই মূকবধিৰ ভাতৃৰ ৷ পুৱতি নিশা সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী (২০) আৰু সমেজ আলী (২২) ৷ তদুপৰি গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই ৷ ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই ভাতৃৰ মৃতদেহ ৷ মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷ আনহাতে, আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ উল্লেখ্য যে অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল ৷ এই ঘৰটোতে বসবাস কৰিছিল চাৰিজনীয়া পৰিয়ালটোৱে ৷ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

প্ৰেৰক ভগৱান দাস

Featured