চৰাইদেউত বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

বিশেষ বাৰ্তা ২৬ এপ্ৰিল: চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ সন্মুখত আজি বিয়লিৰ ভাগত আৰক্ষীৰ তালাচীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হয় । প্ৰাপ্ত তথ্য মতে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখে আহি থকা এ এচ ০৪ ডি ১১২২ নম্বৰ গুৰু নানক নামৰ যাত্ৰীবাহী বাছখনত যাত্ৰী হিচাপে অহা দুজন ব্যক্তিয়ে লগত অনা এটা বেগ তালাচি কৰাত বেগটোৰ ভিতৰত তিনিটা চাবোন কেছৰ ভিতৰত ব্ৰাউন চুগাৰখিনি উদ্ধাৰ হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে নাগালেণ্ডৰ মন জিলাৰ নামছা অঞ্চলৰ বাসিন্দা আচলাম আলি মন জিলাৰে টিজিত অঞ্চলৰ ৱাংচু কন্যাক । যুৱক দুজনে ডিমাপুৰৰ পৰা ব্ৰাউন চুগাৰ খিনি নাগালেণ্ডৰ নামছা লৈ নিবলৈ অনা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়ে । আৰক্ষীয়ে দুই জনকে সোধাপোছা অব্যাহত ৰাখিছে ।

প্ৰেৰক দীপাংকৰ পাল