ভূৰাগাঁৱত ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ২৭ আগষ্ট : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা ভূৰাগাঁও আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ভূৰাগাঁৱৰ অধলাভেটিৰ পৰা ১টা চাবোনৰ বাকচত ৩২টা ড্ৰাগছভৰ্তি কন্টেইনাৰ, দুটা মবাইল, এখন বাইক, নগদ ৮০০ টকাসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় ১৬ গ্ৰাম। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম পিকলো খান আৰু বাবুল ইছলাম। অধিক তথ্যৰ বাবে ভূৰাগাঁও আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ।

প্ৰেৰক আবুল কালাম

Featured