দুই মাছমৰীয়াক দাৰে ঘপিয়াই নৃশংস হত্যা

🔹 কাৰ্বি আংলং-হোজাই সীমান্তৱৰ্তী এলেকাত লোমহৰ্ষক ঘটনা
🔹 পিতৃৰ মৃতদেহৰ কাষত কান্দোনত ভাগি পৰিছে বিশেষভাৱে সক্ষম পুত্ৰ
বিশেষ বাৰ্তা, ১৩ আগষ্ট : দুই সাধাৰণ মাছমৰীয়ক দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলং-হোজাই সীমান্তৱৰ্তী এলেকাৰ টকৌবাৰীত। নিশা গাঁওখনৰ দুজনকৈ লোক ওলাই গৈছিল পথাৰত পাতি থোৱা চেপাত মাছ লাগিছে নে নাই, তাকে চাবলৈ । পুৱতি নিশা হঠাৎ সীমান্তৱৰ্তী এলেকাৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰী গাঁৱত হুৱাদুৱা লাগি পৰে। বকলীয়াঘাট থানাৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত্বৰ টকৌবাৰী গাঁৱৰ পকীপথৰ দুয়োকাষে গাঁওখনৰ দুজন লোকৰ মৃতদেহ দেখা পাই স্থানীয় লোকে কাছমাৰী আৰক্ষী চকী আৰু বকলীয়াঘাট আৰক্ষী থানাত অৱগত কৰে । গাঁওখনৰ দুজন লোকৰ মৃতদেহ প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি স্থানীয় বাসিন্দাসকলে সন্দেহ প্ৰকাশ কৰে যদিও ইয়াৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব আৰক্ষীৰ উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তত । লোক দুজন ক্ৰমে বিভীষণ বৰদলৈ (লুম্ফা ) আৰু নীল’ বৰদলৈক কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰা ঘটনা পুৱা প্ৰায় চাৰি বজাত পোহৰলৈ আহে । দুটাকৈ মৃতদেহ পথৰ কাষত পৰি থকাৰ কথা চৌদিশে বিয়পি পৰাত শ শ লোক টকৌবাৰী গাঁৱৰ পথত ভিৰ কৰেহি । কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) জয়ন্ত বৰুৱা, বকলীয়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাসহ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অপৰাধীক কৰায়ত্তৰ বাবে জোৰ তদন্ত অব্যাহত ৰাখে । ঘটনা সন্দৰ্ভত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে দুজনকৈ লোকৰ মৃতদেহ টকৌবাৰী গাঁৱৰ পথৰ কাষত পোৱা গৈছে । দুয়োগৰাকীৰ মৃতদেহ চিনাক্ত কৰা হৈছে । গাঁওখনৰে বিভীষণ বৰদলৈ (লুম্ফা) আৰু নীল’ বৰদলৈ। দুয়োকে দাৰে ঘপিয়াই হত্যা কৰা হৈছে । কোনে-কেতিয়া-কিয় হত্যা কৰিলে, তাৰ তদন্ত অব্যাহত আছে । হত্যাকাণ্ডত কিমান লোক জড়িত, সেয়াও স্পষ্ট হোৱা নাই বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । লগতে কয় যে কাৰ্বি আংলং আৰু হোজাই আৰক্ষীয়ে বিষয়টোক লৈ অতি তৎপৰতাৰে যৌথভাৱে তদন্ত প্ৰক্ৰিয়াত আগবাঢ়িছে। খুব সোনকালে এই হত্যাকাণ্ডত জড়িত অপৰাধী আৰক্ষীৰ জালত পৰিব বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে স্থানীয় লোকৰ সহযোগ বিচাৰে । আনহাতে, কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম)ৰ জয়ন্ত বৰুৱাই সকলো তথ্য খুব সোনকালে পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে যদিও তদন্তৰ অন্ততহে সঠিকভাৱে ক’ব পৰা যাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । একে সময়তে হোজাই জিলা আৰক্ষী অধীক্ষকগৰাকীয়েও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম)ৰ স’তে আলোচনাত মিলিত হৈ সমগ্ৰ দিশ পৰ্যালোচনা কৰে । ইতিমধ্যে, কাৰ্বি আংলং জিলা আৰক্ষীৰ পিনৰ পৰা স্নিফাৰ ডক আনিও তদন্ত কৰা দেখা গৈছে । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেসহ বহুকেইগৰাকী ব্যক্তি উপস্থিত হৈ পৰিয়াল দুটাক সাক্ষাৎ কৰে । বিধায়ক বিদ্যাছিং ইংলেঙে সীমান্তৱৰ্তী এলেকাৰ পৰিৱেশ-পৰিস্থিতিৰ যাতে বিঘিনি নঘটে, তাৰ বাবে দুয়োখন জিলাৰ আৰক্ষী প্ৰশাসনক তৎপৰ হৈ থাকিবলৈ আহ্বান জনায় । লগতে আগন্তুক স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে যাতে পালন কৰিব পৰা যায়, তালৈ লক্ষ্য ৰাখিবলৈ দুই জিলা আৰক্ষী অধীক্ষকক আহ্বান জনায় । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ নিৰ্দেশত এই স্থানত উপস্থিত হোৱা বুলি প্ৰকাশ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মধুৰাম লেকথেই দুই দু্ৰ্ভগীয়া পৰিয়ালৰ চৰকাৰী সাহায্য সন্দৰ্ভত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ স’তে আলোচনাত মিলিত হৈ পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় । উল্লেখ্য যে ঘটনাত নিহত লোকৰ দুয়োটা পৰিয়াল অতি দৰিদ্ৰ । দুয়োজনে দুয়োখন ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোঁতা আছিল । দুয়ো হত্যাকাণ্ডৰ বলি হোৱাত দিশহাৰা হৈ পৰিছে দুয়োটা পৰিয়াল । ঘটনাত নিহত বিভীষণ বৰদলৈৰ ঘৰত এতিয়া চাৰিজনীয়া পৰিয়াল । আনহাতে, নিহত নীল’ বৰদলৈৰ পৰিয়াল বুলিবলৈ একমাত্ৰ বিশেষভাৱে সক্ষম পুত্ৰ ২৮ বছৰীয়া বিজু বৰদলৈ। এতিয়া গাঁওবাসীয়ে ভাবি পাৰ পোৱা নাই বিশেষভাৱে সক্ষম যুৱকজনে অকলশৰীয়াকৈ জীৱনৰ বাট বুলিব কেনেকৈ ! বিশেষভাৱে সক্ষম হ’লেও পিতৃৰ মৃতদেহৰ কাষত পুত্ৰৰ কান্দোনৰ দৃশ্য হৃদয়বিদাৰক ।
প্ৰেৰক ৰাজু কাঠাৰ
Featured