ঢেকীয়াজুলিৰ চাহ বাগিচাত ২০ কেজি গাঞ্জাসহ দুজনক আটক

বিশেষ বাৰ্তা, ২১ মে’ : ঢেকীয়াজুলিৰ মনমোহিনীপুৰ চাহ বাগিচাত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জাসহ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা ঢেকীয়াজুলিৰ মনমোহিনীপুৰ চাহ বাগিচা পথত ২০ কেজি অবৈধ গাঞ্জা এখন স্কুটীত কঢ়িয়াই অনাৰ পথত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্ণৱ কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজন হ’ল বিকি দাস (২৮) আৰু আব্দুল মালেক (৩৬) ৷ ধৃত বিকি দাসৰ ঘৰ বৰছলা সমষ্টিৰ বাঁহবাৰীত আৰু আব্দুল মালেকৰ ঘৰ ঢেকীয়াজুলিৰ ঠেলামৰাত৷ উদ্ধাৰ হোৱা অবৈধ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় লাখ টকা হ’ব বুলি জনাইছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্ণৱ কাকতিয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured