প্ৰচণ্ড গৰমত যোৰহাটত পদপথতে প্ৰাণ গ’ল দুজন লোকৰ

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে দহিছে ৰাজ্যবাসীক। উষ্ণতাৰ পাৰাস্তম্ভ দিনকদিন ঊৰ্ধ্বগামী হোৱাত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা। বিগত বৰ্ষসমূহৰ অভিলেখ ভংগ কৰি কালি যোৰহাটত হোৱা প্ৰচণ্ড গৰমে প্ৰাণ ল’লে দুজন ব্যক্তিৰ। ব্যক্তি দুজনে প্ৰচণ্ড গৰমত কালি যোৰহাট নগৰৰ পদপথত কৰুণ মৃত্যুক সাবটি লয়। প্ৰচণ্ড গৰমত মৃত্যুক আঁকোৱালি লোৱা ব্যক্তি দুজনৰ মৃতদেহ দুই পৃথক স্থান ক্ৰমে নগৰৰ প্ৰিন্স অৱ ওৱেল প্ৰতিষ্ঠানৰ সন্মুখত এটা আৰু জি কে পেলেচ হোটেলৰ তলৰ পদপথত এটা উদ্ধাৰ হয়। দুয়োজনৰ হিট ষ্ট্ৰোকত মৃত্যু হোৱা বুলি কোৱা হৈছে। গাত ছাৰ্ট নথকাকৈ মৃত্যু হোৱা লোকজন অঘৰী আৰু নগৰতে খুজি-মাগি জীয়াই আছিল। ইফালে, মৃত্যু হোৱা আনজন যুৱক মুৰমুৰীয়া চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োজনৰ মৃতদেহ মেডিকেল কলেজলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। মৃত্যু হোৱা লোক দুজনৰ নাম উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। উল্লেখ্য যে বিগত প্ৰায় এসপ্তাহ ধৰি হোৱা আস্বাভাৱিক গ্ৰীষ্মপ্ৰবাহৰ ফলত যোৰহাটৰ ৰাজপথ দিনৰ ভাগত শূন্য হৈ পৰে। ইতিমধ্যে বিদ্যালয়সমূহৰ সময়সূচী পৰিৱৰ্তন কৰি আগুৱাই দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্মপ্ৰবাহৰ কেতিয়া অৱসান হ’ব আৰু কেতিয়া ধৰালৈ বৰষুণ আহিব, ইয়াৰ বাবে অধীৰ অপেক্ষাৰত ৰাজ্যবাসী।

প্ৰেৰক ৰঞ্জিত ভূঞা

Featured