কাছাৰত ৪০ লাখ টকাৰ হেৰ’ইনসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : কাছাৰ জিলাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে দীঘৰখালৰ টোলগেটত এখন এল্ট’ গাড়ী জব্দ কৰাৰ লগতে ৪০ লাখ টকাৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ নাম আব্দুল মানফ লস্কৰ (৩৩) আৰু ছিদ্দিকুৰ ৰহমান লস্কৰ। দুয়োৰে ঘৰ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ কচুদৰমৰ দিদাৰখুছ পাৰ্ট-১ত। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এই কথা সদৰী কৰিছে। তেওঁ কয় যে গাড়ীখনত তালাচী চলোৱাৰ অন্তত হেৰ’ইন থকাৰ সন্দেহ কৰা ৬টা চাবোনৰ কেছ উদ্ধাৰ কৰা হৈছে। চাবোনৰ কেছৰ পৰা প্ৰায় ৭৬ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হৈছে। প্ৰাথমিক জেৰাৰ সময়ত তেওঁলোকৰ বক্তব্যত জানিব পৰা গৈছে যে তেওঁলোকে কচুদৰম থানাৰ টেংগ্ৰেখা গাঁৱৰ এজন ব্যক্তিৰ পৰা জব্দ কৰা ড্ৰাগছখিনি আনিছিল। আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে ধৃত লোকসকলৰ বিৰুদ্ধে অধিক তদন্ত অব্যাহত আছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured