কাৰ্বি আংলং আৰক্ষীৰ জালত অস্ত্ৰসহ দুই সৰবৰাহকাৰী

বিশেষ বাৰ্তা, ৫ জুন : কাৰ্বি আংলং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ দুই সৰবৰাহকাৰী। কাৰ্বি আংলং জিলা আৰক্ষী আৰু বোকাজান মহকুমা আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ। এক গোপন সূত্ৰৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ ডিলাই আৰক্ষী থানা এলেকাৰ পুৰণা লাহৰিজানত এখন বাহনত তালাচী চলাওতে নাকা তালাচীত থকা আৰক্ষীয়ে প্ৰত্যক্ষ কৰে অবৈধ মাৰণাস্ত্ৰখিনি। Fordৰ WB-02, AH, 1421নম্বৰযুক্ত Eco Sport বাহনখনত অনা হৈছিল অবৈধ মাৰণাস্ত্ৰ। আৰক্ষীৰ জালত পৰা দুই যুৱক মণিপুৰৰ উখৰুল জিলাৰ চপেইমি মুইৰাং আৰু মাথানসিং কেইসিং। ডিমাপুৰ দিশৰ পৰা অহা বাহনখন গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীৰ তালাচীৰ সন্মুখীন হয়। বাহনখনত উদ্ধাৰ 7টা 9mm পিষ্টল, এটা ৰিভলভাৰ, ১০টা মেগাজিন, 9mm পিষ্টলৰ ৪০৭টা সজীৱ গুলি, .৩২ পিষ্টলৰ ৯৪ সক্ৰিয় গুলী।

প্ৰেৰক ৰাজু কাঠাৰ

Featured