বিশ্বনাথত চাৰিটা বেটৰীসহ দুই চোৰ গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অভিযানকাৰী দলে বিশ্বনাথৰ দুটাকৈ স্থানত অভিযান চলাই কালি  দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা দুই চোৰৰ পৰা চাৰিটাকৈ বেটাৰীও উদ্ধাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা চোৰ দুজনৰ ভিতৰত এজন হৈছে বিশ্বনাথৰ দ-গেৰেকী অঞ্চলৰ উদয় কৃষ্ণ বৰা আৰু আনজন হৈছে বিশ্বনাথৰ আমবাৰীৰ সেউজপুৰৰ নৱজ্যোতি নাথ। গভাইত চোৰ দুজনক আৰক্ষীয়ে পথাৰত খেদি খেদি কৰায়ত্ত কৰে। পিছত চোৰ দুটাই কোনো লোকৰ ঘৰৰ পৰা চুৰি কৰা বেটাৰী হাবিত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। আনহাতে, বিগত কিছুদিন  বিশ্বনাথৰ বিভিন্ন স্থানত চোৰে অব্যাহত ৰাখিছে চাফাই অভিযান। তাৰ সমান্তৰালভাৱে কিন্তু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত শেহতীয়াকৈ  ৯জন গভাইত চোৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। নিশাৰ ভাগত বিশ্বনাথ আৰক্ষীয়ে আৰক্ষী থানাৰ অন্তৰ্গত সকলো স্থানতে টহল দিয়াৰ ব্যবস্থা কৰিছে।

প্ৰেৰক জয়ন্ত বৰা

Featured