ৰূপহীহাটত আটক ত্ৰিপুৰাৰ দুই যুৱক

নিয়মীয়া বাৰ্তা,  ১০ ছেপ্টেম্বৰ : ৰূপহীহাটত আজি সন্ধিয়াৰ ভাগত নকল টকা নিবলৈ আহি আটক হ’ল ত্ৰিপুৰাৰ দুই যুৱক। ত্ৰিপুৰাৰ পৰা ৰূপহীহাটৰ পূব শালপাৰাৰ ইমাম হুছেইনৰ সৈতে যোগাযোগ কৰি ৰূপহীহাটত উপস্থিতত হৈছিল যুৱকদ্বয়। নকল টকা নিবলৈ আহি আটক হোৱা যুৱক দুজন কথিন কুমাৰ কলৈ আৰু কুবা কুমাৰ কলৈ। ৰূপহী কলেজ ৰোডত আটক হয় ত্ৰিপুৰাৰ দুই যুৱকৰ সৈতে আগুৱাই নিবলৈ অহা পূব শালপাৰাৰ ইমাম হুছেইন। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কলেজ ৰোডত আটক কৰে তিনিজনক ৷ পূব শালপাৰাৰ ইমাম হুছেইনে নকল টকা যোগান ধৰিব বুলি কৈ মাতি আনিছিল যুৱক দুজনক। সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তিনিওকে।

প্ৰেৰক জহিৰুল ইছলাম

Featured