বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত দুই ট্ৰাক হাইজেককাৰী

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে অপৰাধমূলক ঘটনা। ৰাজ্যখনত সক্ৰিয় হৈ আছে অপৰাধীৰ দল। বিভিন্ন প্ৰান্তত অপৰাধ সংঘটিত কৰি আহিছে যদিও আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। দুৰ্বৃত্তৰ বিৰুদ্ধে এইবাৰ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ ট্ৰাক হাইজেককাৰী। গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত আজি পুৱতিনিশা চলিছিল ট্ৰাক হাইজেকাৰীৰ বিৰুদ্ধে অভিযান।হাইজেককাৰী দুটাক চেঙাত আটক কৰে আৰক্ষীয়ে। ধৃত ট্ৰাক হাইজেককাৰী দুটা  বৰপেটা জিলাৰ সৰভোগ থানাৰ  অন্তৰ্গত কলবাৰী গাঁৱৰ প্ৰয়াত মহেৰ আলীৰ পুত্ৰ মকবুল আলী (৩৬) আৰু বৰপেটা সদৰ থানাৰ অন্তৰ্গত ধানবান্ধা গাঁৱৰ পাহাৰ খানৰ পুত্ৰ ৰূপ খান (৩৮) বুলি জানিব পৰা গৈছে।হাইজেককাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত তাৰাবাৰী আৰক্ষীয়ে বৰপেটা জিলাৰ পূব প্ৰান্তৰ গৰেমাৰীৰ পৰা পুৱতি নিশা উদ্ধাৰ কৰে হাইজেক হোৱা চৈধ্য চকীয়া ট্ৰাকখন। উদ্ধাৰ হোৱা ট্ৰাকখনৰ নম্বৰ ডব্লিউ বি ৫৩-চি ৬০৯৫। ট্ৰাকখনৰ চালক নৰেশ দাসক নিচাজাতীয় দ্ৰব্য খুৱাই ট্ৰাকখন হাইজেক কৰে দুৰ্বৃত্তৰ দলে। ট্ৰাকখনৰ চালক নৰেশ দাসকো আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। উদ্ধাৰ হোৱা  ট্ৰাকখনত ৩০ টন লোহাৰ পাইপ থকা বুলি জানিব পৰা গৈছে। ট্ৰাকখনত ১৬ লক্ষাধিক টকাৰ সামগ্ৰী আছিল।আৰক্ষীয়ে সামগ্ৰীসহ উদ্ধাৰ কৰে ট্ৰাকখন। জানিব পৰা মতে, পশ্চিমবংগৰ দুৰ্গাপুৰৰ পৰা লোহাৰ পাইপ লৈ গুৱাহাটীলৈ আহি আছিল ট্ৰাকখন। আৰ.এচ. লজেষ্টিক পৰিবহন কোম্পানীৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে। যোৱা ১০ ছেপ্টেম্বৰত সামগ্ৰী লৈ দুৰ্গাপুৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল ট্ৰাকখন। ১৩ ছেপ্টেম্বৰৰ নিশাৰ পৰা ট্ৰাকচালকৰ স’তে যোগাযোগ বিচ্ছিন্ন হয় কোম্পানীটোৰ স্বত্বাধিকাৰী ৰবি কুমাৰ সিঙৰ ।ট্ৰাক হাইজেককাৰী দলটোত কেইবাগৰাকীও দুৰ্বৃত্ত জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে।হাইজেককাৰী দলটোৰ মূল মাষ্টৰমাইণ্ড এতিয়াও আৰক্ষীৰ জালত পৰা নাই বুলি জানিব পৰা গৈছে। ট্ৰাক চালক নৰেশ দাস সম্পূৰ্ণ সুস্থ হৈ উঠা নাই এতিয়ালৈকে। পৰিবহন কোম্পানীৰ তৰফৰ পৰা হাইজেককাৰী দলটোৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। তাৰাবাৰী আৰক্ষী থানাত ঘটনা সম্পৰ্কত ৫৬/২৪ নম্বৰত ৰুজু হৈছে গোচৰ। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ তৎপৰতাৰ বাবে ট্ৰাক হাইজেকাৰী দুটা আৰক্ষীৰ জালত পৰাত সচেতন মহলে আৰক্ষী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ট্ৰাক হাইজেকাৰী দলটোৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে সচেতন মহলে।
প্ৰেৰক তফিকুৰ ৰহমান
Featured