আমিনগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত ভস্মীভূত দুখন ট্ৰাক

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : কালি নিশা কামৰূপ জিলাৰ  আমিনগাঁৱৰ ডালদাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পাছতে দুয়োখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাওদাওকৈ জ্বলি উঠে। অগ্নিকাণ্ডত  ৰঙিয়া অভিমুখী গোমভৰ্তি AS-01 NC-9355 নম্বৰ ট্ৰাকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিপৰীত দিশৰ পৰা ৰঙিয়া অভিমুখে ঘূৰিব ধৰা CG-04 PP-1905 নম্বৰৰ আনখন ট্ৰাকৰো কেবিনটো দুৰ্ঘটনাটোৰ ফলত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দুই তিনিখন সৰু সৰু দোকানটো অগ্নিসংযোগ হয় যদিও স্থানীয় লোকৰ তৎপৰতাত এই দোকানকেইখনৰ জুই প্ৰশমিত হয়। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও কেইবাঘন্টা ধৰি বাহন দুখন দাওদাওকৈ জ্বলি থাকে। অগ্নিনিৰ্বাপক বাহিনীৰ আপ্ৰাণ চেষ্টাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে বাহন দুখনৰ জুই প্ৰশমিত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল। প্ৰণিধানযোগ্য যে অগ্নিকাণ্ডৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজঁটৰ সৃষ্টি হৈছে।

প্ৰেৰক মুনীন ডেকা

Featured