তিনিচুকীয়াত গ্ৰেনেডসহ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকৰ ভাৰতীয় সেনা শিৱিৰৰ সন্মুখত সন্দেহজনক আলফা স্বাধীনে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ মাজতে এজন আলফা(স্বা)ৰ কেডাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা কায্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ আত্মসমৰ্পণ কৰা কেডাৰগৰাকী কাকপথাৰৰ অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম। নিলয় অসম আলফা (স্বা)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য আছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ । ২০২২ চনত পত্নীসহ আলফা (স্বাঃ)লৈ গৈছিল গমন কৰিছিল নিলম অসমে। সম্প্ৰতি আলফা(স্বাঃ) শিৱিৰতেই আছে নিলম অসমৰ পত্নী। এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে সদৰী কৰা অনুসৰি, তিনিচুকীয়াত বিস্ফোৰণৰ পৰিকল্পনাৰে আহিছিল নিলয় অসমৰ লগতে আন এটা দলে। কিন্তু সাধাৰণ ৰাইজৰ মাজত কূটাঘাট সংঘটিত কৰিব নোৱাৰি নিলয় অসমে আত্মসমৰ্পণ কৰে, যিহেতু কূটাঘাট নকৰাকৈ শিৱিৰলৈ উভতি গ’লে শিৱিৰত শাস্তি প্ৰদান কৰিব ৷ লগতে নিলয় অসমৰ স’তে অহা আন এটা দলৰ হাততো এটা গ্ৰেনেড আছিল, গতিকে সেইটো দলে ডিৰাকৰ সেনাৰ শিৱিৰত গ্ৰেনেড বিস্ফোৰণ কৰিব পাৰে। ইতিমধ্যে চি চি টিভিৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে সকলো তথ্য লাভ কৰা হৈছে কূটাঘাটকাৰীৰ ৷ সমান্তৰালভাৱে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে নিলয় অসমক মাৰাথন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, আলফা স্বাধীন প্ৰতি বছৰে ২৮ নবেম্বৰত প্ৰতিবাদ দিৱস হিচাপে পালন কৰি আহিছে ৷ গতিকে প্ৰতিবাদ দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰিত কৰাৰ উদ্দেশ্যি শিৱিৰৰ পৰা আলফা স্বাধীনৰ দল উলাই অহাৰ সন্দেহপ্ৰকাশ ৷ সমান্তৰালভাৱে, আলফাৰ আলোচনাপন্থী গোটে চৰকাৰৰ স’তে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ যো-যা চলোৱাৰ মাজতে সেনাৰ শিৱিৰৰ সন্মুখত সংঘটিত কৰা কূটাঘাতমূলক কায্যই নিশ্চয় ৰাজ্যত যথেষ্ট তাৎপৰ্য বহন কৰিব ৷

প্ৰেৰক বিবেক বড়া

Featured