ভাৰতীয় মহিলা ক্রিকেটৰ টেষ্ট দলত উমা চেত্রী

🔹 অসমৰ ক্রীড়া ক্ষেত্রলৈ সুখবৰ

বিশেষ বাৰ্তা, ১ জুন : অসমৰ ক্রীড়াপ্রেমীৰ বাবে এটা সুখবৰ৷ পুনৰ ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভ কৰিলে অসম-কন্যা উমা চেত্রীয়ে৷ চীনত অনুষ্ঠিত এছিয়ান গেমছৰ স্বর্ণজয়ী ভাৰতীয় দলটোৰ সদস্য উমা চেত্রীয়ে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিপাক্ষিক শৃংখলাত দেশক প্রতিনিধিত্ব কৰিব৷ ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাৰে এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচত ভাগ ল’ব আৰু এই তিনিওটা শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম-কন্যা উমা চেত্রী৷ মন কৰিবলগীয়া যে তিনিওটা শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দললৈ প্রথমবাৰৰ বাবে নির্বাচিত হৈ অনন্য কৃতিত্ব অর্জন কৰে প্রতিভাৱান উইকেটকীপাৰ–বেটাৰ উমা চেত্রীয়ে৷ ভ্রমণকাৰী দলটোৰে খেলিবলগীয়া আগন্তুক টেষ্ট, এদিনীয়া আৰু টি–২০ শৃংখলাটোৰ বাবে বিচিচিআইৰ নির্বাচক সমিতিয়ে পৰহি ভাৰতীয় দলটো ঘোষণা কৰে৷ ১৩ জুনত ব’ৰ্ড সভাপতি একাদশৰ বিৰুদ্ধে বেংগালুৰুত এখন ৱার্ম–আপ মেচেৰে দক্ষিণ আফ্রিকাই ভ্রমণসূচী আৰম্ভ কৰিব৷ ১৬ জুনৰ পৰা বেংগালুৰুত আৰম্ভ হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো৷ আনহাতে, একমাত্র টেষ্ট মেচখনৰ লগতে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটো চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ উমা চেত্রীয়ে প্রথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্রিত হয় ২০২৩ চনৰ জুন মাহত৷ তেওঁ সেইবাৰ গৈছিল বাংলাদেশ ভ্রমণলৈ৷ বছৰটোৰ পিছৰফালে উমা আছিল ভাৰতীয় দলৰ অংগ, যিটো দলে চীনত হোৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰে৷ ভাৰতীয় দললৈ পুনৰবাৰ নির্বাচিত হোৱা বাবে উমাক শুভেচ্ছা জনাই অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্রিদিব কোঁৱৰে কয় যে উঠি অহা খেলুৱৈগৰাকীয়ে আগলৈও কঠোৰ পৰিশ্রম কৰি যাব আৰু তেনেদৰে ভৱিষ্যতে সফলতাৰ নতুন শিখৰলৈ উঠিবলৈ সক্ষম হ’ব৷ আমাৰ খেলুৱৈসকলক যথাসাধ্য সহায় কৰিবলৈ আমি সদায়েই সাজু থাকোঁ৷ উমা চেত্রীৰ উন্নতি দেখি আমি অতিশয় আনন্দিত৷ আমি আশা কৰিম যে উমাৰ সফলতাই ৰাজ্যৰ আন মহিলা খেলুৱৈসকলকো খেলা–ধূলাত অধিক মনোযোগ দিয়াৰ লগতে পাৰদর্শিতা দেখুৱাবলৈ উৎসাহিত কৰিব৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আগন্তুক ছিৰিজৰ বাবে উমা আৰু ভাৰতীয় দলে ভাল প্রদর্শন দাঙি ধৰক, তাৰ বাবে আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ অসম ক্রিকেট সন্থাৰ মুখ্য কার্যবাহী বিষয়া প্রীতম মহন্তই জাৰি কৰা এটা যুটীয়া বিজ্ঞপ্তিত গগৈ আৰু কোঁৱৰে এনেদৰে উল্লেখ কৰে৷

Featured