কাইলৈ চৰাইদেউ মৈদাম ক্ষেত্রলৈ ইউনেস্ক’ৰ স্বীকৃতি

🔹  ৰাজ্যবাসীৰ মাজত অধীৰ উৎকণ্ঠা-আনন্দৰ ধল

বিশেষ বাৰ্তা, ২৫ জুলাই : ঐতিহাসিক চৰাহদেউ মৈদাম ক্ষেত্রই বিশ্বৰ পর্যটন মানচিত্রত জিলিকি উঠাটো নিশ্চিত হৈ পৰিছে৷ কাইলৈ অর্থাৎ ২৬ জুলাইত ইউনেস্ক’ৰ দ্বাৰা আনুষ্ঠানিকভাৱে অসমৰ চৰাহদেউ মৈদাম ক্ষেত্রই বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি লাভ কৰিব৷ ইয়াকে কেন্দ্র কৰি চৰাহদেউবাসীৰ মাজত অধীৰ উৎকণ্ঠা আৰু আনন্দৰ ধল বৈছে৷ উল্লেখযোগ্য যে এসময়ত চৰাহদেউ পর্বত চাহ বাগিচাৰ দখলত থকা চৰাহদেউ মৈদামক্ষেত্রৰ বৃহৎ অংশ পর্যায়ক্রমে বাগিচা কর্তৃপক্ষৰ পৰা মুকলি কৰি লোৱাৰ পাছত হাবি-জংঘলৰ মাজত সোমাই থকা মৈদাম এলেকাই লাহে লাহে এক সন্মানজনক ৰূপ লাভ কৰে৷ মন কৰিবলগীয়া এয়ে যে ১২২৮ খ্ৰীষ্টাব্দত সুদূৰ মাওল্যুং প্রদেশৰ পৰা আহি চাওল্যুং চ্যুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত সৌমাৰপীঠৰ চৰাহদেউৰ বুকুত সমন্বয় আৰু ভাতৃত্বৰে সাতৰাজ সামৰি একৰাজ কৰি বৰ অসমৰ ভেটি নির্মাণ কৰিছিল৷ পৰৱর্তী সময়ত ৰাজকীয় সমাধিক্ষেত্র হৈ পৰা চৰাইদেউত আহোম শাসন কালৰ বীৰগাথা বুকুত সামৰি–সুতৰি নীৰৱে–নিতালে ৰ’দে–বৰষুণে অনাদৰ-অৱহেলাত উপেক্ষিত হৈ পৰিছিল ইয়াৰ বুকুত সিঁচৰতি হৈ থকা শতাধিক সৰু–বৰ মৈদাম ৷ সুদীর্ঘ সময় জাতীয় দল-সংগঠন, ব্যক্তিবিশেষৰ লগতে স্বর্গদেউসকলৰ স্মৃতি তর্পণ সমিতিৰ লগতে স্থানীয় ৰাইজে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্রৰ সংৰক্ষণ আৰু ইয়াৰ শোভাবর্ধন কৰাৰ লগতে চৰাইদেউক বিশ্বৰ দৰবাৰত জিলিকাবলৈ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাই নানা চেষ্টা চলাই আহিছিল৷ অৱশেষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগ আৰু তৎপৰতাৰ বাবে সম্প্রতি আহোম শাসন কালৰ ছশ বছৰীয়া ঐতিহ্যৰ গৰিমা আকৌ প্রাণ পাই উজলি উঠাৰ পৰিৱেশ সৃষ্টি হৈছে৷ নতুন দিল্লীত ২১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক অধিৱেশনৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত ২৬ জুলাইৰ দিনা চৰাহদেউ মৈদামক্ষেত্রই বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিব বুলি মন্তব্য আগবঢ়োৱাৰ পাছতেই চৰাইদেউ জিলাৰ বিভিন্ন মহলত আনন্দৰ ধল বৈছে৷ দীর্ঘদিনীয়া দাবী আৰু অপেক্ষাৰ অন্তত অসমেই নহয়, সমগ্র উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত প্রথমবাৰৰ বাবে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্রই বিশ্বৰ বুকুত এক বিৰল স্বীকৃতি লাভ কৰাৰ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্রেক্ষিতত ঐতিহাসিক মৈদামক্ষেত্রত বিগত কেইবাদিন ধৰি বিভিন্ন দল-সংগঠনে ইয়াৰ স্থায়ী চাও চি ৰেন গৃহত বন্তি প্রজ্বলন কৰি ফুৰা–তাৰাৰ চৰণত সেৱা জনাই মৈদামক্ষেত্রই যাতে ইউনেস্ক’ৰ দ্বাৰা আনুষ্ঠানিক স্বীকৃতি লাভ কৰে, তাৰ বাবে প্রার্থনা জনাই আহিছে৷ আজি টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাহপাৰ উপৰিও আহোম সেনাই বন্তি প্রজ্বলন কৰে বুলি জানিব পৰা গৈছে৷ ইফালে, এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সমগ্র চৰাইদেউ জিলাবাসীয়ে অধিক আগ্রহ-উৎকণ্ঠাৰে বাট চাই থকাৰ লগতে মৈদাম অঞ্চলৰ ৰাইজে নিজা বাসগৃহৰ পদূলিত কাইলৈ এগছিকৈ বন্তি প্রজ্বলন কৰাৰ কার্যসূচী হাতত লৈছে৷ সমান্তৰালকৈ আনুষ্ঠানিক ঘোষণা হোৱাৰ লগে লগে এক উৎসৱসম পৰিৱেশ সৃষ্টি কৰিবলৈ আটাছুৰ চুকাফা আঞ্চলিক সমিতি আৰু চুকাফা চকিয়াল যুৱ সমাজে ব্যাপক প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷ প্রসংগক্রমে উল্লেখ্য যে ১৯৫২ চনত স্বর্গদেউসকলৰ স্মৃতি তর্পণ সমিতিয়ে আৰম্ভণি অৱস্থাত ‘শৱ ধোৱা পুখুৰী’ৰ পাৰত এগছি বন্তি প্রজ্বলন কৰি আৰু পাছলৈ মৈদাম এলেকাত নিয়মীয়াকৈ তর্পণ অনুষ্ঠান অনুষ্ঠিত কৰি অহা আৰু সমান্তৰালভাৱে মৈদাম সংৰক্ষণ সমিতি, পাছলৈ প্রাচীন কীর্তিচিহ্ণ সংৰক্ষণ সমিতি হিচাপে পৰিচিত হোৱা অনুষ্ঠানকেহটাৰ বাবে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্রই বিশেষ সামাজিক পৰিচিতি লাভ কৰিছিল৷

Featured