খুমটাইৰ সেন্দূৰীটিং ৰে’লআলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১ জুলাই : খুমটাই আৰক্ষী চকীৰ সেন্দূৰীটিঙত এটা অচিনাক্ত মৃতদেহক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সেন্দূৰীটিঙৰ সমীপত থকা ৰে’লআলিৰ সমীপতে মৃতদেহটো স্থানীয় ৰাইজে  প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে ঘটনাটো নিশাৰ ভাগত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। লগতে গুৱাহাটী অভিমুখী এখন ৰে’লৰ পৰা অচিনাক্ত লোকজনক পেলাই দিয়াৰ সন্দেহ অঞ্চলবাসীৰ। ৰাইজে খুমটাই আৰক্ষী চকীক উক্ত ঘটনাটো অৱগত কৰে আৰু ঘটনাস্থলীলৈ আহি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত লোকজন।

প্ৰেৰক নবীন গোহাঁই

Featured