ৰূপহীহাটত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ : চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : ৰূপহীহাটৰ ভকত গাঁৱত আজি দুপৰীয়া অচিনাক্ত লোকৰ এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি দুপৰীয়া পথচাৰীয়ে পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷ লোকজনৰ কেনেকৈ কি কাৰণত মৃত্যু হ’ল সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured