জটিল ৰোগত আক্ৰান্ত নলবাৰীৰ প্ৰবীণ অভিনেতা ভূপেন বৰ্মন

🔹 দৰ্শকক মনোৰঞ্জন দিয়া শিল্পী দম্পতীৰ দুৰ্দশা, সহায় ভিক্ষা
নিয়মীয়া বাৰ্তা, ৪ জুন : জীৱনৰ অধিকাংশ সময়  দৰ্শক-ৰাইজক অভিনয়ৰ যোগেদি মনোৰঞ্জন দি অহা এগৰাকী শিল্পীয়ে কন্টকময় জীৱন অতিবাহিত কৰিছে ৷ নলবাৰী জিলাৰ  দমদমা গাঁৱৰ প্ৰবীণ অভিনেতা ভূপেন বৰ্মনে জটিল ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে ৷ বিগত চাৰিটা দশক ভ্ৰাম্যমাণ থিয়েটাৰ তথা যাত্ৰাপাৰ্টীত বলিষ্ঠ অভিনয় কৰি দৰ্শক-ৰাইজৰ সমাদৰ লাভ কৰি অহা ভূপেন বৰ্মন আক্ৰান্ত হৈছে এক জটিল ৰোগত ৷ এবছৰ পূৰ্বৰে পৰা অসুস্থ হৈ থকা অভিনেতাগৰাকীয়ে চৰকাৰী-বেচৰকাৰী বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত বিগত তিনি মাহ পূৰ্বে অভিনেতাজনৰ দেহত ধৰা পৰে এক জটিল ৰোগ ৷ এমাহ পূৰ্বে তেওঁৰ এটি অস্ত্ৰোপ্ৰচাৰ সুকলমে সম্পন্ন হয় যদিও পুনৰ এটি অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব অভিনেতাজনৰ ৷ আয়ুস্মান কাৰ্ডৰ পৰাই পৰিয়ালটিয়ে আৰ্থিকভাৱে কিছু সকাহ পাইছিল যদিও চিকিৎসাৰ বাবদ দুৰ্ভগীয়া পৰিয়ালটিয়ে ইতিমধ্যেই পোহনীয়া গৰু-ছাগলী, সা-সম্পত্তি বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে ৷ শেহতীয়াভাৱে অভিনেতাজনক সপ্তাহৰ মূৰে মূৰে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলগীয়া হোৱাত আৰ্থিক সমস্যাত ভুগি বিপাঙত পৰিছে পৰিয়ালটো ৷ প্ৰবীণ অভিনেতাগৰাকীয়ে এতিয়া অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ ঘৰতে জীৱন-মৃত্যুৰে যুঁজি আছে ৷ ভূপেন বৰ্মনে আশীৰ দশকৰ পৰা ভ্ৰাম্যমাণ জগতত খোজ পেলাই ইন্দ্ৰাণী থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, প্ৰাগজ্যোতিষ থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ আদিত দুৰ্দান্ত অভিনয় কৰি থিয়েটাৰ প্ৰেক্ষাগৃহত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰি তেওঁ দৌলাশালৰ দেৱৰাজ নাট্য পৰিষদ আৰু ভাস্কৰ নাট্য পৰিষদ, জাগৰণ মিনি থিয়েটাৰ, কৃষ্ণজ্যোতি মিনি থিয়েটাৰ, পাপৰি মিনি থিয়েটাৰ, নৱৰূপা মিনি থিয়েটাৰ আদিতো দুৰ্দান্ত অভিনয় কৰিছিল ৷ একালৰ ভ্ৰাম্যমাণৰ প্ৰবীণ অভিনেতা ৰেৱ বৰা, কেশৱ ৰাজবংশী, পদ্ম বৰা, ধীৰু গোস্বামী, কামিনী গোস্বামী, প্ৰদীপ বৰগোহাঁইৰ স’তে অভিনয় কৰি যথেষ্ট সমাদৰ বুটলিছিল বৰক্ষেত্ৰীৰ এইগৰাকী ভূপেন বৰ্মনে ৷ অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এইগৰাকী অভিনেতাক সুস্থ কৰি তুলিবলৈ ভ্ৰাম্যমাণৰ কণ্ঠশিল্পী তথা তেওঁৰ পত্নী গোলাপী বৰ্মনে ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সহায় ৷ আৱাহন, কহিনুৰ, ৰাজশ্ৰী ইত্যাদি থিয়েটাৰত মঞ্চ জগতৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, যতীন বৰা, আঙুৰলতা ডেকাৰ স’তে অভিনয় কৰাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত পৰিৱেশন কৰা গোলাপী বৰ্মনে শিল্পীসকলৰ পৰাও বিচাৰিছে আৰ্থিক সহায় ৷ যদিহে কোনো সদাশয় ব্যক্তিয়ে অভিনেতাজনলৈ আৰ্থিক সহায় আগবঢ়াব বিচাৰে, তেন্তে পত্নী গোলাপী বৰ্মনৰ অসম গ্ৰামীণ বিকাশ বেংক, ৰামপুৰ শাখাত থকা 7093026003690 একাউন্ট নম্বৰত (আই.এফ.চি PUNB0RRBAGB) অথবা পুত্ৰ দ্বীপেন বৰ্মনৰ 9365092676 গুগুল পে’ নম্বৰত ধন জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ বিগত চাৰি দশকে থিয়েটাৰৰ দৰ্শক ৰাইজক আমোদ দিয়া অভিনেতাজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰাও সহায় ভিক্ষা কৰিছে  গোলাপী বৰ্মনে ৷
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
Featured