বাৰপূজীয়াৰ প্ৰবীণ সাংস্কৃতিক শিল্পী টুকেশ্বৰ সেনাপতিৰ দেহাৱসান

🔹 অঞ্চলজুৰি শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : মৰিগাঁও-নগাঁও জিলাৰ সীমান্তবৰ্তী বাৰপূজীয়া অঞ্চলৰ লগতে মধ্য অসমৰ সাংস্কৃতিক পথাৰখনিত প্ৰায় চাৰি দশকজুৰি অৱদান আগবঢ়াই সাংস্কৃতিক জাগৰণ সৃষ্টি কৰা বাৰপূজীয়াৰ টুকেশ্বৰ সেনাপতিৰ (৭৬) কালি নিশা পৰলোকপ্ৰাপ্তি হয় । মধ্য অসমৰ বিভিন্ন অঞ্চলত নৃত্য, গীত, নাট-ভাওনা সকলো দিশতে নিজকে উছৰ্গা কৰা টুকেশ্বৰ সেনাপতিয়ে একাধিক সাংস্কৃতিক শিক্ষানুষ্ঠানতো শিক্ষাদান কৰিছিল। হেমাংগ বিশ্বাস বঁটাপ্ৰাপক প্ৰয়াত টুকেশ্বৰ সেনাপতি কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল আৰু ১৯ আগষ্টৰ সন্ধিয়া প্ৰায় ৬.৪০ বজাত হঠাতে মৃত্যুক সাবটি লোৱাত বাৰপূজীয়া অঞ্চলৰ লগতে বাৰপূজীয়াৰ সীমামূৰীয়া অঞ্চলসমূহতো গভীৰ শোকৰ ছাঁ পৰে ৷ তেওঁৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত উপস্থিত হয়। আজি পুৱাৰ পৰাই বাৰপূজীয়া শাখা সাহিত্য সভা, তিৱা সাহিত্য সভা, আঞ্চলিক ক্ৰীড়া সংস্থা, তিৱা ভাষা সাহিত্য চৰ্চা কেন্দ্ৰ, ব্যৱসায়ী সংস্থা, মজলীয়া বিদ্যালয় শিক্ষক গোট, বিষ্ণু ৰাভা দিৱস উদযাপন সমিতি, জাতীয় বিদ্যালয় শিক্ষক গোট, শংকৰী কল্যাণ নিধি বাৰপূজীয়া আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিষ্যগণে বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে হেমাংগ বিশ্বাস সোঁৱৰণী বটা, নাট্য একাডেমী বঁটা, জিলা প্ৰশাসনৰ শিল্পী বঁটা, জিলা সাহিত্য সভাৰ সাংস্কৃতিক কৰ্মী বটা, নগাঁও কলংপাৰ বিদ্যাপীঠৰ সমাজকৰ্মী বঁটা আদিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সম্বৰ্ধনা লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ আজীৱন সভ্য, শঙ্কৰী কল্যাণ নিধিৰ আজীৱন সভ্য হোৱাৰ উপৰি বিভিন্ন অনুষ্ঠানত জড়িত আছিল। বাৰপূজীয়া তিনিআলিৰ ব্যৱসায়ী সংস্থা আৰু দোকান-পোহাৰ বন্ধ কৰি শোক পালন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান, নাতি আদি বহু আত্মীয়ক এৰি যায়।

প্ৰেৰক মানস নাথ

Featured