আজিৰে পৰা ৰাষ্ট্রীয় ভার্চুৱেল মূকাভিনয় মহোৎসৱ

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটাপ্রাপ্ত অসমৰ প্রতিষ্ঠিত মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত গুৱাহাটীৰ মাইম একাডেমীৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ আর্থিক সহযোগিতাত ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ ইউটিউব লাইভ আৰু ফেচবুক লাইভযোগে প্রতি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব ভার্চুৱেল মূকাভিনয় মহোৎসৱ৷

পঞ্চমবাৰৰ বাবে ভার্চুৱেলী আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটীৰ মাইম একাডেমীৰ ৰ’চন হক, পশ্চিমবংগৰ দেৱ কুমাৰ পাল, শোভেন্দু মুখপাধ্যায়, ৰতন চক্রৱর্তী, উজ্জয়িনীৰ মাইম এডুকেচন ছ’চাইটীৰ জিতেন্দ্র তট্ৱাল, আছাম মাইম এণ্ড স্কিট থিয়েটাৰৰ সঞ্চালক কুলদীপ পাটগিৰী, ত্রিপুৰাৰ লিটিল ড্রামা গ্রুপৰ সঞ্চালক গৌতম সাহা, কলাকাৰ অসমৰ সঞ্চালক শৈলেন কাকতি, দুলীয়াজানৰ হেমন্ত কাকতিয়ে অংশগ্রহণ কৰিব৷