কাইলৈ ভোট : সামৰণি পৰিল প্রচাৰ অভিযানৰ

বিশেষ বাৰ্তা, ৬ মে’ : কাইলৈ অসমত তৃতীয় তথা অন্তিম পর্যায়ৰ লোকসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ আসন চাৰিখনৰ বাবে তৃতীয় পর্যায়ত হ’বলগীয়া নির্বাচনৰ কালি বিয়লি ৫ বজাৰ লগে লগে প্রচাৰ অভিযানৰ সামৰণি পৰে৷ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত প্রতিকূল বতৰকো নেওচি নির্বাচনী ৰণত নমা প্রতিটো দল আৰু প্রার্থীসকলে নিজ নিজ সমষ্টিত শক্তি প্রদর্শন কৰি ভোটাৰৰ মন আকর্ষণৰ শেষ প্রচেষ্টা চলায়৷ গুৱাহাটী লোকসভাৰ বিজেপি মিত্রজোঁটৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমর্থনত কালি পুৱাৰ ভাগতে বিজেপিৰ যুৱ মর্চাই এক বাইক ৰেলী উলিয়ায়৷ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ উলিওৱা এই বাইক ৰেলীত তিনি সহস্রাধিক কার্যকর্তাই অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বাইক ৰেলীৰ শুভাৰম্ভ কৰি কয় যে বিগত ৪৫ দিন ধৰি তেওঁ নির্বাচনী প্রচাৰ চলোৱাৰ সময়ত অসমৰ ৰাইজে অভূতপূর্ব সমর্থন জনালে৷ এইবাৰৰ লোকসভা নির্বাচন আনকেইবাৰতকৈ অধিক তাৎপর্যপূর্ণ৷ বিগত নির্বাচনসমূহৰ তুলনাত এইবাৰ সকলো অঞ্চলতে ৰাইজ প্রত্যক্ষভাৱে বিজেপিৰ পক্ষলৈ ওলাই আহি বিপুল সঁহাৰি আগবঢ়াইছে৷ পূর্বতে যিবোৰ অঞ্চল পৰম্পৰাগতভাৱে বিজেপিৰ নাছিল, তাতো ৰাইজে বিপুল সঁহাৰি দিছে৷ ৰাজ্যৰ মহিলাসকলৰ এশ শতাংশ সমর্থন পোৱাৰ সমান্তৰালকৈ যুৱপ্রজন্মৰ উৎসাহ–উদ্দীপনা অভূতপূর্ব৷ তৃতীয় পর্যায়ত নির্বাচন হ’বলগীয়া চাৰিওখন আসনতে বিজেপি আৰু বিজেপিৰ অংশীদাৰ দলৰ প্রার্থী বিজয়ী হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ সেইদৰে বিজেপিৰ যুৱ মর্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কয় যে আগতে নির্বাচনত অংশ ল’বলৈ ৰাইজ সন্ত্রস্ত হৈছিল৷ কিন্তু এইবাৰ সকলো স্তৰৰ ৰাইজে নির্বাচনটো উৎসৱৰ দৰে পালন কৰি নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাবলৈ ওলাই আহিছে৷ খানাপাৰাৰ পৰা গুৱাহাটীৰ মাজমজিয়াৰে লতাশিল খেলপথাৰলৈ ওলোৱা বাইক ৰেলীত যুৱ মর্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ পৱিত্র মার্ঘেৰিটা, যুৱ মর্চাৰ ৰাজ্যিক সম্পাদক তাপস কলিতা, ত্রিদিবজ্যোতি মৰাণ, গুৱাহাটী জিলা যুৱ মর্চাৰ প্রভাৰী গৌতম শর্মা, সভাপতি নীহাৰেন্দ্র শর্মা আদিয়ে অংশগ্রহণ কৰে৷ সেইদৰে কালি নির্বাচনী প্রচাৰ সামৰণি পৰাৰ আগে আগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুৱালকুছিত এক বিশাল ৰোড শ্ব’ৰে বৰপেটা লোকসভাৰ অগপ তথা মিত্রজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ ইপিনে, গুৱাহাটী লোকসভাৰ কংগ্রেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও কালি গুৱাহাটীৰ এবিচি পইণ্টৰ পৰা দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সলৈ এক ৰেলী উলিয়াই শক্তি প্রদর্শন কৰে৷ এই ৰেলীৰ শুভাৰম্ভ অনুষ্ঠানত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রদেশ কংগ্রেছৰ সহঃ তত্ত্বাৱধায়ক পৃথ্বিৰাজ সাথে, নগাঁৱৰ কংগ্রেছ প্রার্থী প্রদ্যুৎ বৰদলৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, প্রাক্তন মন্ত্রী ড০ হেমপ্রভা শইকীয়া, প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা গুৱাহাটী মহানগৰ জিলা কংগ্রেছৰ সভাপতি নৱজ্যোতি তালুকদাৰ আদি উপস্থিত থাকে৷ ইফালে, নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত প্রতিটো সমষ্টিতে প্রার্থীসকলে ৰেলী, সমদল আদি উলিওৱা পৰিলক্ষিত হয়৷ বৰপেটা লোকসভাৰ নির্দলীয় প্রার্থী দুলু আহমেদে কালি হাজোত বলীউডৰ মোহময়ী অভিনেত্রী মন্দাকিনীক লৈ এক বিশাল ৰেলী উলিয়ায়৷ আনহাতে, কালি নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত বতৰে যথেষ্ট বাধা–বিঘিনিৰ সৃষ্টি কৰে৷ প্রতিকূল বতৰৰ বাবে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুখন নির্বাচনী প্রচাৰ সভাপর্যন্ত বাতিল কৰিবলগীয়া হয়৷ পূর্বনির্ধাৰিত সূচী অনুসৰি কালি পুৱা খানাপাৰাত বিজেপি যুৱ মর্চাৰ বাইক ৰেলী শুভাৰম্ভ কৰিয়েই মুখ্যমন্ত্রী ড০ শর্মা মানকাচৰ আৰু গোৱালপাৰালৈ নির্বাচনী প্রচাৰৰ বাবে যোৱাৰ কথা আছিল৷ ধুবুৰীৰ অগপ তথা মিত্রজোঁটৰ প্রার্থী জাবেদ ইছলামৰ হৈ মানকাচৰ আৰু গোৱালপাৰাত দুখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰাৰ কথা আছিল যদিও প্রতিকূল বতৰৰ বাবে হেলিকপ্টাৰ উৰণত বাধা অহাত মুখ্যমন্ত্রী ড০ শর্মাই মানকাচৰ আৰু গোৱালপাৰালৈ যাব নোৱাৰিলে৷ অন্যান্য দল আৰু প্রার্থীসকলেও অন্তিম দিনটোত পূর্বনির্ধাৰিত বহু প্রচাৰ অভিযান প্রতিকূল বতৰৰ বাবে বাতিল কৰিবলৈ বাধ্য হয়৷

তৃতীয় পর্যায়ৰ নির্বাচনত ৪৭ প্রার্থীৰ ভাগ্য নিৰূপণ কৰিব ৮০,৭৬,৬৯২

বিশেষ বাৰ্তা : কাইলৈ অসমত তৃতীয় পর্যায় তথা অন্তিম পর্যায়ৰ লোকসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে হ’বলগীয়া এই নির্বাচনত মুঠ ৪৭গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ এইসকল প্রার্থীৰ ভিতৰত এজন সাংসদ, ৪জন বিধায়ক, দুজন প্রাক্তন বিধায়কো আছে৷ চাৰিটা লোকসভা সমষ্টিৰ সর্বমুঠ ৮০,৭৬,৬৯২গৰাকী ভোটাৰে নির্বাচনী যুঁজত অৱতীর্ণ হোৱা প্রার্থীসকলৰ ভাগ্য নির্ণয় কৰিব৷ চাৰিটা লোকসভা সমষ্টিত এইবাৰ নির্বাচনী যুঁজত অৱতীর্ণ হোৱা উল্লেখনীয় ৰথী–মহাৰথীসকল হৈছে– ৰকিবুল হুছেইন, বদৰুদ্দিন আজমল, ফণীভূষণ চৌধুৰী, জয়ন্ত বসুমতাৰী, মনোৰঞ্জন তালুকদাৰ, খাম্ফা বৰগয়াৰী, জাবেদ ইছলাম, বিজুলী কলিতা মেধি, মীৰা বৰঠাকুৰ গোস্বামী, দুলু আহমেদ আৰু দীপ বায়ন৷ কোকৰাঝাৰ লোকসভাত মুঠ ১২গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ তেওঁলোক হৈছে খাম্ফা বৰগয়াৰী (বিপিএফ), গর্জন মুছাহাৰী (কংগ্রেছ), জয়ন্ত বসুমতাৰী (ইউপিপিএল), গৌৰীশংকৰ শৰণীয়া (তৃণমূল কংগ্রেছ), বিনীতা ডেকা (গণ সুৰক্ষা পার্টী), ললিত পেগু (ভোটার্ছ পার্টী ইণ্টাৰনেচনেল) আৰু নির্দলীয় ক্রমে অজয় নার্জাৰী, জ্যোতিষ কুমাৰ দাস, তৃপ্তিনা ৰাভা, পংকজ ইছলাৰী, পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচ আৰু ৰণজয় কুমাৰ ব্রহ্ম৷ কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১৪,৭০,২৭১গৰাকী ভোটাৰ আছে৷ ইয়াৰে ৭,৩৫,২৭০জন পুৰুষ আৰু ৭,৩৫,০০১গৰাকী মহিলা ভোটাৰ৷ সেইদৰে বৰপেটা লোকসভা সমষ্টিত ১৪গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ বৰপেটা লোকসভা সমষ্টিত অৱতীর্ণ হোৱা প্রার্থীসকল হৈছে– দীপ বায়ন (কংগ্রেছ), ফণীভূষণ চৌধুৰী (অগপ), মনোৰঞ্জন তালুকদাৰ (চিপিআই(এম)), সোমেছউদ্দিন (বিপিএফ), আবুবক্কৰ ছিদ্দিক (ৰাষ্ট্রীয় উমেলা কাউঞ্চিল), আবুল কালাম আজাদ (তৃণমূল কংগ্রেছ), আমজাদ আলী (ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়া– আথেৱালে), চিত্রলেখা দাস (এছইউচিআইচি), ছাহজাহান আলী খান (ভোটার্ছ পার্টী ইণ্টাৰনেচনেল) আৰু নির্দলীয়সকল ক্রমে আইনাল হক, জগন্নাথ ৰায়, দুলু আহমেদ, দেৱান মহিবুল ইছলাম আৰু মতিয়ৰ ৰহমান৷ বৰপেটা লোকসভা সমষ্টিত মুঠ ১৯,৪৯,৮৭৩গৰাকী ভোটাৰ আছে৷ ইয়াৰে ৯,৮৮,৫৭০গৰাকী পুৰুষ আৰু ৯,৬১,৩০৩গৰাকী মহিলা ভোটাৰ৷ একেদৰে ধুবুৰী লোকসভা সমষ্টিত ১৩গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তেওঁলোক হৈছে জাবেদ ইছলাম (অগপ), বদৰুদ্দিন আজমল (এআইইউডিএফ), ৰকিবুল হুছেইন (কংগ্রেছ), এছ এম জিয়াউল হক (ভাৰতীয় গণ পৰিষদ), সুৰত জামান মণ্ডল (এছইউচিআইচি), তহিদুৰ ৰহমান (ভোটার্ছ পার্টী ইণ্টাৰনেচনেল), ৰাধাৰাণী বিশ্বাস (হিন্দু সমাজ পার্টী), ৰেজাউল কৰিম (ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়া– আথেৱালে), শুকুৰ আলী (অসম জন মর্চা), হাফিজ বুৰাহানুদ্দিন (দ্য নেচনেল ৰোডমেপ পার্টী অৱ ইণ্ডিয়া) আৰু নির্দলীয় ক্রমে অলকেশ ৰায়, ফাৰুক খান আৰু বিশ্বজিৎ ৰায়৷ ধুবুৰী লোকসভা সমষ্টিটোত সর্বমুঠ ২৬,৪৩,৪০৩গৰাকী ভোটাৰ আছে৷ ইয়াৰে ১৩,৫৩,৯৫২জন পুৰুষ ভোটাৰ আৰু ১২,৮৯,৪৫১গৰাকী মহিলা ভোটাৰ৷ আনহাতে, গুৱাহাটী লোকসভা সমষ্টিত মুঠ ৮গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তেওঁলোক হৈছে বিজুলী কলিতা মেধি (বিজেপি), মীৰা বৰঠাকুৰ গোস্বামী (কংগ্রেছ), অমিতাভ শর্মা (একম সনাতন ভাৰত দল), ছেজন গয়াৰী (বহুজন মহাপার্টী), দীপক কুমাৰ বড়ো (ভোটার্ছ পার্টী ইণ্টাৰনেচনেল), চামাদ চৌধুৰী (ভাৰতীয় গণ পৰিষদ) আৰু দুই নির্দলীয় প্রার্থী ক্রমে কাজি নেকিব আহমেদ আৰু কর্নেল গোকুল চন্দ্র সিংহ৷ গুৱাহাটী লোকসভা সমষ্টিটোত সর্বমুঠ ২০,১৩,১৪৫গৰাকী ভোটাৰ আছে৷ ইয়াৰে ৯,৯২,৭২০জন পুৰুষ ভোটাৰ আৰু ১০,২০,৪২৫গৰাকী মহিলা ভোটাৰ৷

Featured