বিশেষ নাৱেৰে ধুবুৰীৰ চৰাঞ্চলৰ ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী

নিয়মীয়া বাৰ্তা,  ৬ মে’ : কাইলৈ অনুষ্ঠিত হ’বলগীয়া ধুবুৰী লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুবুৰী মহকুমাৰ চৰাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰবোৰলৈ আজি ইঞ্জিনচালিত নাৱেৰে ৰাওনা হয় ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল। ধুবুৰী চহৰৰ যোগমায়া আৰু মেলাঘাটৰ পাৰঘাটৰ পৰা প্ৰশাসনে অধিগ্ৰহণ কৰা নাৱেৰে ইভিএম লৈ যাত্ৰা কৰা প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু লগত যোৱা আৰক্ষীৰ লোকৰ বাবে ধুবুৰীৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা লাইফ জেকেটৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ প্ৰতিখন নাওতেই বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকীকৈ “আপদা মিত্ৰ’ও প্ৰেৰণ কৰিছে বিভাগটোৱে। উল্লেখ্য যে ধুবুৰী মহকুমাৰ মুঠ ৮৩৭টা ভোটকেন্দ্ৰৰ ৯৩টা ভোটকেন্দ্ৰ আছে চৰাঞ্চলত। ইয়াৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভোটকেন্দ্ৰবোৰত আৰক্ষীৰ উপৰি সীমান্ত সুৰক্ষা বাহিনীকো নিৰাপত্তাজনিত দিশ চোৱাচিতা কৰিবলৈ দায়িত্ব দিয়া হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured