কটকটীয়া নিৰাপত্তাৰে ধুবুৰীৰ ষ্ট্ৰং ৰুমৰ পৰা ইভিএম লৈ ৰাওনা ভোটগ্ৰহণকাৰী

নিয়মীয়া বাৰ্তা, ৬ মে’ : কাইলৈ অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰকে ধৰি ধুবুৰী লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰাকক্ষণত আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত স্থাপিত অস্থায়ী ষ্ট্ৰং ৰুমৰ পৰা ইভিএম আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰয়োজনীয় সা-সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকলক নিজ নিজ ভোটকেন্দ্ৰলৈ প্ৰেৰণ কৰে প্ৰশাসনে। উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ ১১টা বিধানসভা সমষ্টিৰ ধুবুৰী নিৰ্বাচনী জিলা, অৰ্থাৎ ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ মুঠ ৮৩৭টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোলানাথ মহাবিদ্যালয়ৰ অস্থায়ী ষ্ট্ৰং ৰুমৰ পৰা লৈ যোৱা ইভিএমবোৰ কাইলৈ ভোটগ্ৰহণৰ পিছত পুনৰ ইয়ালৈ অনা হ’ব। উল্লেখনীয় যে অহা ৪ জুনৰ দিনা অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ দিনা ধুবুৰী মহকুমাৰ অন্তৰ্গত সেই বিধানসভা সমষ্টি তিনিটাৰ ভোটগণনাৰ কামো মহাবিদ্যালয়খনৰেই অস্থায়ী ভোটগণনা কক্ষত কৰা হ’ব। ইপিনে, আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলযোগে জিলা আয়ুক্ত দিবাকৰ নাথে কাইলৈ অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ধুবুৰী জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি জনায়। প্ৰাপ্ত তথ্য মতে, এইবেলি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ হ’ল ২৬,৬০,৮২৭গৰাকী। ইয়াৰে ১৩,৬২,২১৭গৰাকী পুৰুষ আৰু ১২,৯৮,৫৮৫গৰাকী মহিলা ভোটাৰ। লোকসভা সমষ্টিটোৰ উভয় লিংগৰ ভোটাৰৰ সংখ্যা হ’ল ২৫গৰাকী। ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ ৩০২৪টা। আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ধুবুৰী মহকুমাৰ তিনিটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ’ল ৭,২৫,৭৩৯গৰাকী। ইয়াৰে ধুবুৰী বিধানসভা সমষ্টিৰ ভোটাৰ হ’ল ২,২৬,৯৯১গৰাকী, গৌৰীপুৰ বিধানসভাৰ সৰ্বমুঠ ভোটাৰ হ’ল ২,৯৫,১৩৪গৰাকী। আনহাতে, গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল ২,০৩,৬১৪গৰাকী। মহকুমাটোৰ সৰ্বমুঠ ৮৩৭টা ভোটকেন্দ্ৰৰ ১০০টা আছে চহৰাঞ্চলত আৰু গ্ৰামাঞ্চলত আছে ৭৩৭টা ভোটকেন্দ্ৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured