নাৰায়ণপুৰত জল জীৱনৰ সজাগতামূলক বাটৰ নাট

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : চৰকাৰৰ জল জীৱন মিছন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰি অহা জল জীৱন মিছন বিষয়ক এখনি সজাগতামূলক বাটৰ নাট নাৰায়ণপুৰত প্ৰদৰ্শন কৰা হয়। যোৱা ১৫ ছেপ্টেম্বৰত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু জল জীৱন মিছন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত জল জীৱন মিছন শীর্ষক বাটৰ নাটখনি প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয় ৷ সমল শিক্ষক নবীন নেওগ, নাট প্ৰশিক্ষক অনন্ত কুমাৰ গগৈ, বিষয় শিক্ষক দীপক বৰা, বৃত্তিমুখী শিক্ষক শান্তনু বৰাৰ সহযোগত নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী ফুলনি থানাৰ সন্মুখত, মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত, নাৰায়ণপুৰ শাখা এছ বি আই বেংকৰ সন্মুখত আৰু নাৰায়ণপুৰ দৈনিক বজাৰকে ধৰি ৫ স্থানত ছাত্ৰ-ছাত্ৰীসকলে বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ বিদ্যালয়খনৰ দেৱনীল কৌশিক শৰ্মা, নয়নমণি বৰুৱা, পুনম নেওগ, হেপীমণি বণিয়া, পলাশ মুদৈ, প্ৰণামিকা বৰা, দৰ্শনা দাস, হিমাদ্ৰী বৰা, ৰূপম কুমাৰ দত্ত, টেংকেশ্বৰ ফুকন, ভৈৰৱ ফুকন, বিশ্বজিৎ গগৈ, তিলেশ্বৰ ফুকনে বাটৰ নাটত অংশগ্ৰহণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷
প্ৰেৰক জগত গগৈ 
Featured