বৰপেটাৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৪ মে’: জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি বৰপেটা জিলাৰ বাঘবৰৰ বৈঠা পুটা ঘাট সত্ৰ আৰু জনীয়া সত্ৰৰ লগতে কাষৰীয়া কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ খহনীয়াত আক্ৰান্ত স্থানৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বাঘবৰৰ বৈঠা পুটা ঘাট সত্ৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয় আৰু সত্ৰখনক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জৰুৰীভাৱে সাময়িক কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে । মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ খনৰ লগতে সমগ্ৰ অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ইতিমধ্যে “Asian Development Bank”ৰ পৰা অৰ্থ সাহায্যৰ অনুমোদন লাভ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ পাছতেই এই অঞ্চলৰ স্থায়ী সুৰক্ষাৰ কাম আৰম্ভ কৰা হ’ব। চলিত বাৰিষাৰ সময়খিনিত সত্ৰখনক খহনীয়াৰ পৰা ৰক্ষা কৰি ৰাখিবৰ বাবে মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে সাময়িক কাম আৰম্ভ কৰিবলৈ জল সম্পদ বিভাগক নিৰ্দেশ দিয়ে । সত্ৰ অঞ্চলত এটা পথ নিৰ্মাণৰ বাবেও আজি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে । পাছত মন্ত্ৰীগৰাকীয়ে কনৰা সত্ৰৰ কাষৰীয়া অঞ্চল ভ্ৰমণ কৰি বান আৰু খহনীয়াত আক্ৰান্ত অঞ্চলৰ বুজ লয় । বাঘবৰৰ পৰা মন্ত্ৰী হাজৰিকাই জনিয়া সমষ্টিৰ অন্তৰ্গত সওঁপুৰত উপস্থিত হৈ বেঁকী নদীয়ে ৰাজ্যিক ঘাইপথৰ এচোৱাত খহনীয়াৰ সৃষ্টি কৰা অংশৰ বুজ লয় । এই অংশত ইতিমধ্যেই জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে জৰুৰীভাৱে অস্থায়ী কাম কৰি আছে । বাৰিষাৰ পাছত এই অঞ্চলত বিশ্ব বেংকৰ পৰা লাভ কৰা পুঁজিৰে খহনীয়া ৰোধৰ বাবে স্থায়ী কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত উল্লেখ কৰে। পাছত মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত জনীয়া সত্ৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ উপস্থিতিত সেৱা লয় আৰু সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে সত্ৰখনৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীক আজিৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়চোৱাত সাংসদ আব্দুল খালেক, বিধায়কদ্বয় শ্বেৰমান আলী আৰু হাফিজ ৰফিকুল ইছলাম, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে সংগ দিয়ে ।

Featured