লাহৰীঘাটত বৰোধানৰ পথাৰত কেৱল পতান

নিয়মীয়া বাৰ্তা, ৮ মে’ : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পিছত লাহৰীঘাটৰ বিভিন্ন অঞ্চলত কৃষকৰ হাহাকাৰ। মূৰৰ ঘাম মাটিত পেলাই বৰো ধানৰ কৰি চপোৱাৰ সময়ত ধানৰ পৰিৱৰ্তে পতান প্ৰত্যক্ষ কৰি কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ প্ৰধান খেতি হৈছে বৰো ধানৰ খেতি। বৰো ধানৰ খেতিয়ে জিলাখনক অৰ্থনৈতিক ভাৱে টনকিয়াল কৰি আহিছে। এইবাৰ বালিডোংগা, টেঙাগুৰি আৰু জৰিবৰ অঞ্চলৰ কৃষকে সোনালী ফচল নামৰ ধানৰ বীজৰে বৰো ধানৰ কৰিছিল। বৰো ধানৰ পথাৰ লহপহকৈ বাঢ়ি অহাত কৃষকৰ বুকুত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু চপোৱাৰ সময়ত পথাৰত গৈ ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি কৃষকসকল ভাগি পৰিছে। সৰ্বস্বান্ত কৃষকে ধাৰত টকা লৈ বৰোধানৰ খেতি কৰিছিল। কিন্তু ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে। সোণালী ফচল বেণ্ডৰ বীজৰ ওপৰত তদন্ত ক্ৰমে ক্ষতি পূৰণৰ দাবী জনাইছে সৰ্বস্বান্ত কৃষকে।

প্ৰেৰক আবুল কালাম

Featured