জানো আহক দেশবাসীৰ বাবে উছৰ্গিত নতুন সংসদ ভৱনৰ বিশেষত্ব কি

বিশেষ বাৰ্তা, ২৮ মেঃ আজি নতুন সংসদ ভৱন উদ্বোধন কৰি দেশৰ বাবে উছৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৭৫ টকীয়া মুদ্ৰা আৰু এটা বিশেষ স্মৃতিচাৰণ ডাক টিকটো মুকলি কৰা হয়। পিছে পুৰণি অট্টালিকাতকৈ নতুন সংসদ বহু দিশত পৃথক। নতুন সংসদ ভৱনটো নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল, লগতে কিমান খৰচ হৈছিল আৰু পুৰণিটোৰ পৰা কিমান বেলেগ আৰু ডাঙৰ সেই কথা গুৰুত্বপূৰ্ণ। জনা গৈছে যে টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰিছে সংসদৰ নতুন ভৱন। ইয়াত এটা গ্ৰেণ্ড কনষ্টিটিউচন হল, সদস্যৰ লাউঞ্জ, লাইব্ৰেৰী, কেইবাটাও কমিটি ৰুম, কেফে, ডাইনিং এৰিয়া আৰু পাৰ্কিঙৰ বাবে যথেষ্ট ঠাই আছে। ইয়াৰ ডিজাইন প্ৰস্তুত কৰিছে গুজৰাটৰ কোম্পানী HCP য়ে। খবৰ অনুসৰি নতুন ভৱনটো নিৰ্মাণৰ বাবে প্ৰায় ১২০০ কোটি টকা ব্যয় কৰা হৈছে। নতুন ভৱনৰ লোকসভা চেম্বাৰত ৮৮৮জন আৰু ৰাজ্যসভা চেম্বাৰত ৩৮৪জন সদস্য বহিব পাৰিব। দুয়োটা সদনৰ যৌথ বৈঠক হ’লে মুঠ ১২৮০জন সদস্যক লোকসভা চেম্বাৰত বহাৰ ব্যৱস্থা কৰা হৈছে। ২০২০ চনৰ ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তিনি বছৰ নৌহওঁতেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল। ৬৪,৫০০ বৰ্গমিটাৰত বিস্তৃত এই চাৰিমহলীয়া অট্টালিকাটো ত্ৰিকোণীয় আকৃতিৰ। এই অট্টালিকাৰ তিনিটা মূল দুৱাৰ– জ্ঞান দ্বাৰ, শক্তি দ্বাৰ আৰু কৰ্মদ্বাৰ। ইয়াত ভিআইপি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে সুকীয়া প্ৰৱেশদ্বাৰ আছে। নতুন সংসদত লোকসভাৰ অধ্যক্ষৰ আসনৰ সমীপত স্থাপন কৰা হৈছে ঐতিহাসিক ৰাজদণ্ড ‘চেংগোল’। জাতীয় পক্ষী ময়ূৰৰ বিষয়বস্তুৰ ওপৰত লোকসভা কক্ষ আৰু জাতীয় ফুল পদ্মৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যসভা কক্ষ নিৰ্মাণ কৰা হৈছে। নতুন আৰু পুৰণি সংসদ ভৱনৰ তুলনা কৰিলে ১৯২৭ চনত প্ৰায় ৬ বছৰত পুৰণি সংসদ ভৱন সম্পূৰ্ণ হয়। আনহাতে নতুন ভৱনটো তিনি বছৰ নৌহওঁতেই সম্পূৰ্ণ হৈছিল। পুৰণি অট্টালিকাটো বৰ্তমানৰ প্ৰয়োজনীয়তাৰ বাবে অপৰ্যাপ্ত বুলি ধৰা পৰাৰ লগতে বহাৰ ব্যৱস্থাও সংকীৰ্ণ হৈ পৰিছিল। সেইবাবেই নতুন অট্টালিকাটো নিৰ্মাণ কৰা হ’ল। ৫৬৬ মিটাৰ ব্যাসৰ এই পুৰণি ভৱনটোত লোকসভাত ৫৫০ জন আৰু ৰাজ্যসভাত ২৫০ জন সদস্যৰ ক্ষমতা আছে। প্ৰায় এশ বছৰ পুৰণি এই অট্টালিকাটোত দুয়োটা সদনৰ যৌথ বৈঠকৰ সময়ত অধিক ঠাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।

Featured