নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ অসমত দ্রুতগতিত বিয়পিছে ক’ৰোনাৰ দ্বিতীয় লহৰ৷ দৈনিক সহস্রাধিক লোকক মাৰাত্মক ভাইৰাছবিধে সংক্রমিত কৰিছে৷ মৃত্যুৰ হাৰো পূর্বতকৈ বাঢ়িব লৈছে৷ এনে এক জটিল সময়ত ৰাজ্য চৰকাৰ আৰু প্রশাসনে ৰাইজক আশ্বস্ত কৰিব বিচাৰিছে যে অসমত ক’ভিড ৰোগীৰ চিকিৎসাৰ সকলো ব্যৱস্থা সাজু হৈ আছে৷ সকলো ৰোগীয়েই পর্যাপ্ত চিকিৎসা সুবিধা লাভ কৰিব৷ কিন্তু চৰকাৰৰ এনে অভয়বাণীৰ বিপৰীতে প্রকৃততে চিকিৎসালয়ৰ ভিতৰত কি চলিছে তাক লৈ এতিয়া বৃহৎ প্রশ্ন উদয় হৈছে৷ ক’ৰোনাত আক্রান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যমুখত পৰা অ’ এন জি চিৰ বিষয়া ৰাজীৱ হাজৰিকাৰ পত্নীৰ ভাষ্যই অসমৰ ক’ৰোনা চিকিৎসাৰ ফোঁপোলা স্বৰূপটো স্পষ্টকৈ উদঙাই দিছে৷
উল্লেখ্য যে অ’ এন জি চিৰ অসম সম্পদৰ বৈদ্যুতিক শাখাৰ মহাপ্রবন্ধক ৰাজীৱ হাজৰিকা যোৱা ৪ এপ্রিলৰ পৰাই জ্বৰ–কাহত আক্রান্ত হৈ আছিল৷ ডিব্রুগড়ৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ দেহত ক’ৰোনাৰ সংক্রমণ ধৰা পৰে৷ ৭ এপ্রিলৰ দিনা তেওক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ তাতেই যোৱা ১৮ এপ্রিলত অ’ এন জি চিৰ শীর্ষ বিষয়াগৰাকীৰ মৃত্যু হয়৷
কিন্তু ভয়ংকৰ কথাটো হ’ল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত প্রয়াত হাজৰিকাই লাভ কৰা নাছিল উপযুক্ত চিকিৎসা৷ যি কথা তেওঁ চিকিৎসালয়ৰ পৰাই অৱগত কৰিছিল পত্নীক৷ কাহৰ দৰব বিচাৰি তেও বাৰম্বাৰ চিঞৰিবলগীয়া হৈছিল নার্ছক৷ আনকি চেপা খাই থকা অক্সিজেনৰ পাইপডাল সময়মতে ঠিক কৰি দিবলৈও কাষত কাকো পোৱা নাছিল৷ মধুমেহ ৰোগত আক্রান্ত ৰোগীগৰাকীক চিকিৎসাৰ নামত দিয়া হৈছিল অতিমাত্রা ষ্টেৰইড৷ যাৰ বাবে তেওঁৰ তেজত ছুগাৰৰ মাত্রা নিয়ন্ত্রণৰ বাহিৰলৈ গুচি গৈছিল৷ ৰাজীৱ হাজৰিকাই উন্নত চিকিৎসাৰ বাবে তেওঁক আন চিকিৎসালয়লৈ লৈ যাবৰ বাবেও বহুবাৰ অনুৰোধ জনাইছিল৷ কিন্তু তেতিয়ালৈকে বহু পলম হৈ গ’ল৷ উপযুক্ত চিকিৎসা লাভ নকৰাকৈয়ে বিষয়াগৰাকী যোৱা ১৮ এপ্রিলত মৃত্যমুখত পৰে৷ ৰাজীৱ হাজৰিকাৰ মৃত্যুৰ পিছত তেওৰ পত্নীয়ে বন্ধুবর্গৰ আগত অৱগত কৰিছে এই দুর্বিষহ অভিজ্ঞতাৰ কথা৷
লগতে তেওঁ কোনো ক’ৰোনা ৰোগীকে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ নকৰিবলৈ আত্মীয়সকলক অনুৰোধ জনাইছে৷ প্রয়াত ৰাজীৱ হাজৰিকাৰ পত্নী মৃদুস্মিতা হাজৰিকাৰ ভাষ্যৰ পূর্ণ পাঠ তলত উল্লেখ কৰা হ’ল– ‘ৰাজীৱক হেৰুওৱাৰ পাছত আপোনালোকৰ সহানুভূতি আৰু আন্তৰিকতাই এই সময়খিনিত আমাক জীৱন যুঁজত আগবাঢ়ি যাবৰ বাবে মানোবল ঘূৰাই অনাত সহায় কৰিছে৷ আপোনালোকৰ মহানুভৱতাই ৰাজীৱৰ আত্মাক শান্তি দিব৷ ৰাজীৱৰ চিকিৎসাৰ সময়ত হোৱা মোৰ উপলব্ধিখিনি ৰাইজক জনাব বিছাৰোঁ, যাতে ভৱিষ্যতে আন কোনোবাই মোৰ দৰে দুর্ভাগ্যৰ সন্মুখীন হোৱাৰ পৰা আঁতৰি থাকিব পাৰে৷ যথাযোগ্য চিকিৎসা পাব বুলি এটা বিশ্বাস বুকুত বান্ধি আমি ৰাজীৱক অসম মেডিকেল কলেজত ক’ভিডৰ চিকিৎসাৰ বাবে লৈ গৈছিলোঁ৷ কিন্তু বাস্তৱ ক্ষেত্রত ৰাজীৱে আশানুৰূপ আৰু ফলপ্রসূ চিকিৎসা যথাসময়ত নাপালে৷ এই কথাটোৱে আমাক সদায় দুখ দি থাকিব৷ ক’ভিড চিকিৎসাধীন অৱস্থাত আত্মীয়ক ৰোগীৰ ওচৰলৈ যাব নিদিয়াৰ বাবে আমি বহু বিষয়ৰ বাস্তৱ ৰূপটো অনুমান কৰোঁতে পলম হৈ গ’ল৷ ৰুগীয়া শৰীৰেৰে ৰাজীৱে তেওঁৰ সহকর্মীসকলক হোৱাট্ছএপ মেছেজ যোগে চিকিৎসাৰ বাস্তৱ ৰূপটো জনাবলৈ যথাসাধ্য চেষ্টা কৰিছিল আৰু তেওৰ জীৱন ৰক্ষাৰ বাবে আন কোনো উন্নত চিকিৎসালয়লৈ লৈ যাবৰ বাবে কাতৰ অনুৰোধ কৰিছিল৷ দুর্ভাগ্যজনক কথাটো হ’ল যে আমাৰ দৰেই ৰাজীৱৰ সহকর্মীসকলৰো চিকিৎসাৰ বাস্তৱ ৰূপটো বুজি উঠাত বহু পলম হৈ গ’ল৷ ৰাজীৱৰ অন্তিম সময়ৰ আগে আগে মই কিবা প্রকাৰেৰে ৰাজীৱৰ ওচৰলৈ যাবলৈ সক্ষম হৈছিলোঁ আৰু তেতিয়াই চিকিৎসাৰ বাস্তৱ স্বৰূপটো বুজি উঠিছিলোঁ৷ অসম মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা ব্যৱস্থাত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় সা–সুবিধাখিনিৰ যঠেষ্ট অভাৱ৷ বিশেষজ্ঞ চিকিৎসকৰ অভাৱত চিকিৎসা বিজ্ঞানৰ ছাত্রৰ দ্বাৰাই ৰোগীক চোৱা–চিতা কৰোৱা হয়৷ মাথোঁ এঘণ্টা সময়ৰ বাবে অহা চিকিৎসকলকো ক’ভিড প্রট’কলৰ নামত সঘনাই সলনি কৰাত চিকিৎসা প্রক্রিয়া ত্রুতিপূর্ণ হোৱাৰ সম্পূর্র্ণ সম্ভাৱনা থাকি যায়৷ ৰাজীৱে সময়মতে কাহৰ দৰব পাবৰ বাবে কাকুতি–মিনতি কৰিবলগীয়া হৈছিল বুলি জনাইছিল৷ পায়খানা কৰিবৰ সময়তো কাৰোবাৰ সহায়ৰ বাবে ছটফটাই থাকিবলগীয়া হৈছিল৷ ৰাজীৱ ডায়েবেটিছ ৰোগী বুলি জনাৰ পাছতো ষ্টেৰয়ড মাত্রাধিক সেৱন কৰিবলৈ দিয়াত ছুগাৰ লেভেল নিয়ন্ত্রণৰ বাহিৰলৈ গৈছিল৷’ এনেদৰে কয় তেওঁ৷