সম্পাদকীয় : খেলমাটি কাণ্ডৰ আঁৰত কোন?

ন্যায়প্রার্থী ভিৰ এটাত হাজাৰজন লোক সমৱেত হ’লেও অথবা সংগঠিত হৈ ঘৰৰ পৰা ওলাই আহিলেও তেওঁলোকৰ মনত দ্বিতীয় উদ্দেশ্য নাথাকে অথবা থকাৰ সম্ভাৱনা শূন্যপ্রায় বুলিব পাৰি৷ কিন্তু ভিৰৰ মাজত কিছুমান অপশক্তি নতুবা অপশক্তিৰ এজেণ্ট লুকাই থাকে৷ তেওঁলোক ন্যায় বিচাৰি ওলাই অহা লোকক সংগঠিত কৰাও হ’ব পাৰে৷ অথবা ভিৰৰ মাজত লুকাই থকাও হ’ব পাৰে৷ এই মানুহখিনিৰ এটা উদ্দেশ্য থাকে৷ উদ্দেশ্য বুলি নকৈ চক্রান্ত বুলি ক’ব পাৰি৷ তেওঁলোক ভয়ংকৰ চক্রান্ত হৈ ভিৰৰ অংশ হৈ থাকে৷ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত সংঘটিত আক্রমণ কাণ্ডটোৰ আঁৰতো তেনে অপশক্তি জডিত হৈ থকাৰ সম্ভাৱনা প্রবল৷ নিৰপেক্ষ তদন্তৰ জৰিয়তে ইয়াৰ গুৰিলৈকে যাব পৰা যায়৷ অৱশ্যে চৰকাৰ তথা প্রশাসনৰো সদিচ্ছা লাগিব৷ সত্যক হাতত তুলি লোৱাৰ আগ্রহ আৰু আন্তৰিকতা থাকিব লাগিব৷ তেতিয়াহে অপশক্তিৰ পৰিচয় আৰু চক্রান্ত পোহৰলৈ আহিব৷ কেইবছৰমান পূর্বে বটদ্রৱাত অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ বৰং ক’ব পাৰি অধিক ভয়াৱহ আছিল৷ সেইবাৰ উন্মত্ত ভিৰে বটদ্রৱা থানা জ্বলাই দি অভূতপূর্ব, অবর্ণনীয় ধ্বংসলীলা চলাইছিল৷ মানুহখিনি কিন্তু ন্যায় বিচাৰিয়েই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল৷ তেওঁলোকক হিংসাৰ বাবে উচটাইছিল ভিৰৰ অংশ হৈ থকা অপশক্তি অথবা ন্যস্তস্বার্থজড়িত মহলৰ অনুচৰসকলে৷ উত্তেজিত ভিৰ এটাক বিপথে পৰিচালিত কৰা সহজ৷ ইয়াৰ প্রথম অস্ত্রপাট শ্লোগান৷ ভিৰৰ মাজত থকাসকলে ভিন্নধৰণৰ উত্তেজনামূলক ধ্বনিৰে ভিৰৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে৷ তাৰে মাজৰ একাংশ ইমানেই উত্তেজিত হৈ পৰে যে এসময়ত তেওঁলোকৰ বিবেকৰ অপমৃত্যু ঘটে৷ মাৰ মাৰ বুলি ভিৰৰ মাজৰ কোনো এজনে চিঞৰিলে মাৰ মাৰ, ধৰ ধৰ বুলি খেদি যায়৷ তাৰ পিছত অকল্পনীয়–বর্ণনীয়্ ধ্বংসলীলাৰ সষ্টি হয়৷ অৱশ্যে ভিৰৰ সকলোৱে হিংসাত্মক কার্যত লিপ্ত নহয়৷ মুষ্টিমেয়সংখ্যক লোকহে সেইবোৰ কামত লিপ্ত হয়৷ কিন্তু সর্বনাশ সাধিবলৈ সিমানখিনিয়েই যথেষ্ট৷ বটদ্রৱা থানাত তাণ্ডৱলীলা চলোৱাসকল সিদিনাৰ ভিৰটোৰ সম্পূর্ণ অংশ নাছিল৷ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত সমৱেত সকলো লোকো আক্রমণত লিপ্ত নাছিল৷ তেওঁলোকে প্রকৃতার্থত ন্যায় বিচাৰি ওলাই আহিছিল৷ কিন্তু তাৰে মাজত অপশক্তি অথবা অপশক্তিৰ অনুচৰ লুকাই আছিল৷ ইতিমধ্যে আৰক্ষীয়ে খলনায়কজনক গ্রেপ্তাৰ কৰা বুলি দাবী কৰিছে৷ তেওঁৰ পৰা আক্রমণ কাণ্ডটোৰ আঁৰৰ কাহিনী তথা অপশক্তিৰ পৰিচয়, চক্রান্ত আদিৰ বিষয়ে জানিব পৰা যাব৷
খেলমাটি আৰক্ষী চকীৰ সন্মুখত ন্যায়প্রার্থীসকলে আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱা ঘটনাৰ ন্যায় বিচাৰি ওলাই গৈছিল৷ তাত অস্বাভাৱিকতা একো নাই৷ গ্রেপ্তাৰ অথবা আটক কৰা ব্যক্তি এজনৰ আৰক্ষী চকীত মৃত্যু হোৱা ঘটনাক কোনেও সহজভাৱে ল’ব নোৱাৰে৷ ন্যায়ৰ বাবে আন্দোলন, প্রতিবাদ আদি হ’বই৷ চৰকাৰক ঘটনাৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য কৰাব লাগিব৷ কিন্তু সেয়া হ’ব লাগিব গণতান্ত্রিক পদ্ধতিৰে৷ কিন্তু অপশক্তিৰ কাম হৈছে গণতান্ত্রিক আন্দোলনৰ আঁৰ লৈ হিংসাত্মক কার্যক সাকাৰ কৰা৷ অপশক্তি অথবা ন্যস্তস্বার্থজডিত মহলে ইয়াৰ দ্বাৰা কেইবাটাও লক্ষ্য সাধন কৰে৷ তেওঁলোকে বিচাৰে পৰিস্থিতিৰ ইমানেই অৱনতি ঘটক যে তাক নিয়ন্ত্রণ কৰিবলৈ চৰকাৰ অথবা প্রশাসনে শক্তি প্রয়োগ কৰিবলগীয়া হয়৷ গুলীচালনা হ’লে, লাঠীচালনা হ’লে মানুহৰ ক্ষতি হয় নতুবা হ’ব পাৰে৷ আচলতে তেওঁলোকে সেয়াহে বিচাৰে৷ ইয়াৰ দ্বাৰা চৰকাৰ এখনক ব্যর্থতাৰ কাঠগড়াত তুলিব পাৰি৷ জনসাধাৰণৰ মাজত হেয় কৰি তুলিব পাৰি৷ মানুহৰ মাজত চৰকাৰখনৰ প্রতি আস্থাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰি৷ অকল সেয়াই নহয়, অনেকে বিচাৰে শাসন ব্যৱস্থাৰ ওপৰতে মানুহৰ আস্থা নাইকিয়া হৈ পৰক৷ বহুতে সমাজত বিভাজনৰ সৃষ্টি কৰাৰ চক্রান্তৰে তেনেধৰণে ভিৰক পৰিকল্পিতভাৱে ব্যৱহাৰ কৰে৷ সমাজত সম্প্রীতি–সমন্বয়ৰ পৰিৱেশ নষ্ট কৰাটোও তেওঁলোকৰ লক্ষ্য হৈ থাকে৷ লখিমপুৰত ন্যায় বিচাৰি যোৱা মানুহখিনিৰ মাজত কোন নাইবা কি কি অপশক্তিৰ অনুচৰ লুকাই আছিল, সেইটো চৰকাৰে বিচাৰি উলিয়াব লাগিব৷ কাকো ৰেহাই দিয়া উচিত নহয়৷ সমাজ আৰু ৰাজ্যখনৰ সুস্থ পৰিৱেশৰ স্বার্থত চৰকাৰে কামটো কৰিব লাগিব৷ ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে৷ বটদ্রৱা কাণ্ডৰো তদন্ত হৈছিল৷ শাসনত অধিষ্ঠিত ৰাজনৈতিক নেতৃত্বই অবৈধভাৱে প্রব্রজনকাৰী লোকলৈ সন্দেহৰ আঙুলি টোঁৱাইছিল৷ মৌলবাদীৰ দৰে অপশক্তিৰ অনুচৰ লুকাই থকা বুলি ইংগিত দিয়া হৈছিল৷ তদন্তই সেই সত্যক খান্দি উলিয়াব পাৰিলে নে নাই, সেইটো চৰকাৰেহে জানিব৷ ৰাইজৰ সেই কথা জনাৰ অধিকাৰ থাকিলেও চৰকাৰে তাক ৰাজহুৱা নকৰিবও পাৰে৷ কিন্তু গ্রহণ কৰা কার্যব্যৱস্থাৰে তাক পৰোক্ষভাৱে জনাব পাৰে৷ লগতে আইনী ব্যৱস্থাক অপশক্তিৰ বাবে এটা শিক্ষা হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ কঠোৰ আৰু তাৎক্ষণিক কার্যব্যৱস্থা অপৰাধৰ পুনৰাবৃত্তিত বাধাৰ সৃষ্টি কৰে৷

Featured