অত্যাচাৰী শুভলক্ষ্মীক ৰক্ষণাবেক্ষণ দিয়া কোন এই দুৱৰী?

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ কুখ্যাত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক উদ্ধাৰৰ বাবে চেষ্টাৰ ত্ৰুটি এৰা নাই দুৱৰী বাহিনীয়ে ৷ আটচা নেতাক মেনেজৰ পৰা চিকিৎসালয়লৈকে বিতৰ্কীত আৰক্ষী বিষয়াগৰাকীক উদ্ধাৰৰ বাবে গুপ্ত হত্যাৰ চৰ্দাৰ খ্যাত দুৱৰী বাহিনীয়ে মেনেজৰ বাবে ৰচনা কৰা ষড়যন্ত্ৰই এতিয়া চকু কপালত তুলিছে ৷এসময়ত নিৰীহৰ তেজেৰে উজনিত ফাকু খেলি শতাধিক পৰিয়ালৰ আপোনজনক পৃথিৱীৰ পৰা বিদায় দিয়া গুপ্তহত্যাৰ চৰ্দাৰৰ হাতৰ পৰা কথমপি ৰক্ষা পৰিল শুভলক্ষ্মীৰ হাতত নিৰ্য্যাতিত অনিমা প্ৰজা ৷বিশেষকৈ সংবাদ মাধ্যমৰ কেমেৰাৰ বাবে ২৬ আগষ্টৰ কালিকা লগা নিশাটোত প্ৰাণ ৰক্ষা পৰিছিল আদিবাসী মহিলাগৰাকীৰ৷ সম্প্ৰতি নিয়মীয়া বাৰ্তাৰ হাতত পৰিছেহি এখন বিস্ফোৰক তথ্য ৷যি খন বিস্ফোৰক পত্ৰই এতিয়া দুৱৰী বাহিনীৰ ঘৃনণীয় ষড়যন্ত্ৰ উন্মোচিত কৰাৰ লগতে শিৱসাগৰ আৰক্ষীৰ ভূমিকাৰ প্ৰতিও প্ৰশ্নৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে নাজিৰাস্থিত লিগিৰী পুখুৰী চিকিৎসালয়ৰ পৰা আটচাৰ নাজিৰা শাখাৰ উদ্যোগত অনিমা প্ৰজাক ২৬ আগষ্টৰ দিনা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু অতি আচৰিত ধৰণে প্ৰকাশ দুৱৰী নামৰ এগৰাকী ডিমৌৰ ব্যক্তিয়ে নিশা চাৰে ন বজাত অনিমা প্ৰজাক নিজৰ জিম্মাত ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিবলৈ বুলি নিজৰ জিম্মাত লৈছিল৷ আটচাৰ নাজিৰা শাখাক অৱগত নকৰাকৈ চিকিৎসালয় কৰ্তৃপক্ষই কিয় কিছু সময়ৰ পুৰ্বে ভৰ্তি কৰোৱা অনিমা প্ৰজাক ডিমৌৰ প্ৰকাশ দুৱৰীৰ হাতত গতাই দিলে ৷ সম্পুৰ্ণ এক হত্যাৰ অপচেষ্টা চলোৱা তথা আক্ৰান্ত অনিমা প্ৰজাই দিয়া গোচৰৰ অনুসন্ধান চলি থকাৰ সময়ত কোনো ধৰণৰ নিৰাপত্তা নথকাকৈ প্ৰকাশ দুৱৰীৰ হাতত অনিমা প্ৰজাৰ দৰে সংকটাপন্ন মহিলাক গতাই দিয়াৰ ঘটনাই গভীৰ ৰহস্যৰো সৃষ্টি কৰিছে ৷ইফালে প্ৰকাশ দুৱৰীয়ে নিশাই ৰিলিজ লেটাৰ লোৱাৰ পিছতো কিয় অনিমা প্ৰজাক ২৭ আগষ্টৰ বিয়লি তিনি বজালৈকে চিকিৎসালয়ত পেলাই ৰাখিলে তাক লৈও প্ৰশ্ন উঠিছে ৷অনিমা প্ৰজাক ২৬ আগষ্টৰ নিশা প্ৰকাশ দুৱৰীৰ হাতত ৰিলিজ লেটাৰ দিয়াৰ প্ৰায় ১৫ ঘন্টাৰ অন্তত আৰক্ষীক কিয় খবৰ দিয়া হৈছিল অনিমা প্ৰজাক ডিব্ৰুগড়লৈ নিবৰ বাবে এখন গাড়ী যোগান ধৰিবলৈ ৷ইমানৰ পিছতো আগদিনাৰ ৰিলিজ লেটাৰৰ আধাৰত পিছদিনা বিয়লি কোনো নিৰাপত্তা নোহোৱাকৈ অনিমা প্ৰজাক প্ৰকাশ দুৱৰীৰ হাতত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ ঘটনাই বহু কেইটা গুৰুত্বৰ প্ৰশ্নও সৃষ্টি কৰিছে ৷ আনহাতে আদিবাসী মহিলা অনিমা প্ৰজাৰ সৈতে কোনো ধৰণৰ চিনাকি নথকা প্ৰকাশ দুৱৰীয়ে কিয় চিকিৎসাৰ বাবে অনিমাক ডিব্ৰুগড়লৈ নিছিল ৷বাৰে বাৰে জীৱনৰ নিৰাপত্তাৰ খাতিৰত ডিব্ৰুগড়লৈ নাযাও বুলি কোৱাৰ পিছতো কিয় ভাবুকিৰে অনিমা প্ৰজাক ডিব্ৰুগড়লৈ নিয়া হৈছিল ৷ স্মৰ্তব্য যে অনিমা প্ৰজাৰ নাবালক পুত্ৰক শ্ৰমিক হিচাবে ব্যৱহাৰ কৰি অহা দুৱৰী বাহিনীয়ে দুৰ্ভগীয়া শিশু পুত্ৰক সন্মুখত ৰাখিয়েই এই ভয়ংকৰ ষড়যন্ত্ৰ ৰঁচনা কৰাতো স্পষ্ট হৈ পৰাৰ লগতে সৰল যুৱক জনৰ এটা টিপ চহীয়ে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷উজনিৰ তেজে ধোৱা ইতিহাসৰ কলংকৃত খলনায়কৰ চত্ৰচায়াতেই ইমান নিৰ্মম তথা ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ লগতে বাৰে বাৰে অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মীক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা পিছতো কূশল বাহিনীক অসম আৰক্ষীয়ে এবাৰলৈও সোধা পোচা নকৰাৰ ঘটনাইয়ো সন্দেহৰ সৃষ্টি কৰিছে ৷বিশেষকৈ এনে কলংকৃত, চৰিত্ৰহীন নেতাৰ মুখাৰ আঁৰৰ মুখা শুভলক্ষ্মীৰ ঘৃনণীয় কাণ্ডই উন্মোচিত কৰাৰ পিছতো কি দৰে এতিয়াও বাহাল তবিয়তে এনে নেতাই ৰাজনীতিত দপদপাবলৈ সক্ষম হৈ আছে সেইয়াহে লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷অৱশ্যে অচিৰেই অত্যাচাৰী শুভলক্ষ্মীয়ে অসম আৰক্ষীৰ পৰা বিদায় লোৱাৰ লগতে কূশল বাহিনীৰো বিদায় নিশ্ছিত বুলিয়েই সৰৱ চৰ্চা আৰম্ভ হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

Featured