প্রতিলিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৩ টকাকৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ আগষ্টঃ গুৱাহাটীত পুনৰ গাখীৰৰ পাইকাৰী মূল্য বৃদ্ধি কৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই৷ প্রতিলিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৩ টকাকৈ বৃদ্ধি কৰিছে দুগ্ধ ব্যৱসায়ী সন্থাই৷ অহা ১ ছেপ্টেম্বৰৰ পৰা সাধাৰণ গ্রাহকে প্রতিলিটাৰ গাখীৰ ৬৭ টকাকৈ ক্রয় কৰিব লাগিব৷ দুগ্ধ ব্যৱসায়ী সন্থাই বর্তমান ৬১.৪০ টকা পাইকাৰী মূল্যত গাখীৰ ক্রয় কৰি আহিছে৷ এই পাইকাৰী মূল্য ৩ টকাকৈ বৃদ্ধি কৰাৰ ফলত ১ ছেপ্টেম্বৰৰ পৰা প্রতিলিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ’ব ৬৪.৪০ টকা৷ সেয়েহে খুচুৰা বজাৰত প্রতিলিটাৰ গাখীৰৰ মূল্য ৬৭ টকা হ’ব৷ আজি গুৱাহাটীৰ নেপালী মন্দিৰত অনুষ্ঠিত সংবাদ মেলত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সভাপতি গংগাধৰ পৌড়েলে এই কথা সদৰী কৰে৷ সংবাদ মেলত তেওঁ কয় যে গোপালক সন্থাই প্রতিলিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৫ৰ পৰা ৬ টকাকৈ বৃদ্ধি কৰিব বিচাৰিছিল৷ সেয়েহে দুগ্ধ ব্যৱসায়ী সন্থাই প্রায় দুমাহ ধৰি গোপালক সন্থাৰ পৰা গাখীৰ ক্রয় কৰা নাছিল৷ অৱশেষত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই মিঠাই ব্যৱসায়ী সন্থাৰ সৈতে আলোচনা কৰি প্রতিলিটাৰ গাখীৰত ৩ টকাকৈ পাইকাৰী মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সংবাদমেলত ৬৭ টকাতকৈ অধিক মূল্যত গাখীৰ ক্রয় নকৰিবলৈ সন্থাই ৰাইজক আহ্বান জনোৱাৰ লগতে এইক্ষেত্রত মহানগৰ জিলা প্রশাসনক কঠোৰ দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়৷ উল্লেখ্য যে গোধনৰ খাদ্য–সামগ্রী, ঔষধকে ধৰি অন্যান্য সামগ্রীৰ মূল্য বৃদ্ধি হোৱাত চলিত বর্ষৰ জুন আৰু জুলাই মাহত গুৱাহাটীত গোপালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল৷

Featured