বিলাসীপাৰাত পত্নী হত্যাকাৰীৰ কি ভয়ানক ৰূপ !

🔹 আত্মসমৰ্পণৰ পিছত সুৰজিৎ ৰায়ৰ অকপট স্বীকাৰোক্তি- ‘আজি মই হাঁহি আছোঁ। মোৰ আজি কি যে ভাল লাগিছে।’

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : পত্নী হত্যাকাৰীৰ কি ভয়ানক ৰূপ ! বিলাসীপাৰাত পৰকীয়া প্ৰেমৰ সন্দেহত স্বামীয়ে হত্যা কৰিলে পত্নীক। বিলাসীপাৰাৰ হাকামা ৯ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পত্নীক হত্যা কৰি আত্মসমৰ্পণৰ পিছত সুৰজিৎ ৰায়ৰ অকপট স্বীকাৰোক্তি- “আজি মই হাঁহি আছোঁ। মোৰ আজি কি যে ভাল লাগিছে। লাগিলে মোৰ ফাঁচী হওক, কোনো আপত্তি নাই।” উল্লেখ্য যে হাকামাৰ বাসিন্দা সুৰজিৎ ৰায় কৰ্মসূত্ৰে বাহিৰত থাকে। স্বামী সুৰজিৎ ৰায়ৰ অভিযোগ- পত্নী মন্দিৰা নাথ স্বামী কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগত পৰকীয়া প্ৰেমত মত্ত হৈ আছিল। পত্নীৰ পৰকীয়া প্ৰেমৰ কথা জ্ঞাত হৈ এবাৰ-দুবাৰ নহয়, তিনিবাৰকৈ পত্নী মন্দিৰা নাথক সকীয়নি দিছিল স্বামী সুৰজিৎ ৰায়ে। তাৰ পিছতো মন্দিৰা নাথে কথা নমনাত খঙত অগ্নিশৰ্মা হৈ স্বামী সুৰজিৎ ৰায়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি হত্যা কৰে পত্নী মন্দিৰা নাথক। উল্লেখ্য যে সুৰজিৎ ৰায়ে পত্নী মন্দিৰা নাথক হত্যা কৰি বিলাসীপাৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ইতিমধ্যে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

 

Featured