ৰংজুলিত বন্যহস্তীৰ আক্ৰমণত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৩ জুন : হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাত ৷ যোৱানিশা ৰংজুলিৰ পণ্ডিতপাৰা গাঁৱত এগৰাকী লোকে প্ৰাণ হেৰুৱালে বনৰীয়া হাতীৰ আক্ৰমণত। হাতীৰ আক্ৰমণত নিহত লোকজন পণ্ডিতপাৰা গাঁৱৰ সুভাষ ৰাভা (৪৫) বুলি জানিব পৰা গৈছে ৷ নিশা গৰমৰ বাবে ৰাস্তালৈ ওলাই গৈছিল সুভাষ ৰাভা ৷ সেই মুহূৰ্ততে হঠাৎ মুখামুখি হয় এটা হাতীৰ সৈতে ৷ হাতীটোৱে সুভাষ ৰাভাক চোঁচৰাই লৈ গৈ আন এঘৰৰ বাৰীত হত্যা কৰে ৷ গাঁৱত হাতী সোমাই থকা সন্দৰ্ভত গাঁওবাসীয়ে কোনো সম্ভেদ পোৱা নাছিল ৷ অকলশৰীয়া হাতীটোৱে সন্তৰ্পণে প্ৰৱেশ কৰে গাঁৱত ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে গাঁওবাসীয়ে হাতীটোক খেদি পঠিয়ায় ৷ নিশাই ঘটনাস্থলীত ৰংজুলি আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ৰংজুলি থানালৈ লৈ আনে ৷ সম্প্ৰতি গোৱালপাৰা জিলাৰ ভিন্ন স্থানত বনৰীয়া হাতীয়ে ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ৷ বন বিভাগে স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে ইয়াতকৈ ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে ৷

প্ৰেৰক বেনজিন বড়ো

Featured