নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

🔹  বিহালীৰ বুৰৈঘাটত অঘটন : নেচাৰ্ছ বন্যপ্ৰাণৰ উদ্বেগ প্ৰকাশ 
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : নিশা বিহালীৰ বুৰৈঘাটত অঘটন। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা  এটা  বনৰীয়া হাতীক  মহটিয়াই নিয়ে  দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লে। ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটোৰ। এই শোকাৱহ ঘটনাটো যোৱানিশা প্ৰায় ১০ বজাত  সংঘটিত হয় বিশ্বনাথ জিলাৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিহালীৰ বুৰৈঘাটত। উল্লেখযোগ্য যে দৈনিক খাদ্যৰ সন্ধানত বিহালীৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহে  শ শ বনৰীয়া হাতী। বনৰীয়া হাতীৰ জাকে খেতিয়ক ৰাইজৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়তে আজি উক্ত ঘটনা সংঘটিত হয় । ইফালে, যোৱানিশাও এই পথেৰে এটা বনৰীয়া হাতীৰ জাকে ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে অৰুণাচলৰ নাহৰলগুণৰ পৰা গুৱাহাটীলৈ গৈ থকা নামনিমুৱা দঃঞি পঃল এক্সপ্ৰেছৰ খুন্দাত বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে, উত্তৰ অসমৰ অন্যতম প্ৰকৃতিপ্ৰেমী অনুষ্ঠান নেচাৰ্ছ বন্যপ্ৰাণে বন্যহস্তীৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ৰে’ল বিভাগৰ সতৰ্কতামূলক কোনোধৰণৰ ব্যৱস্থা নথকাৰ বাবেই ৰে’লৰ খুন্দাত ৰে’ল লাইন পাৰ হৈ থকা অৱস্থাত হাতীৰ কৰুণভাৱে মৃত্যু হোৱাত নেচাৰ্ছ বন্যপ্ৰাণৰ সচিবপ্ৰধান,পৰিৱেশ সচিবসহ কেইবাজনো সদস্যই পৰিস্থিতি পৰ্যবেক্ষণ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে। ৰে’ল বিভাগৰ গাফিলতিৰ বাবে ৰে’লৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাত, বেদেতী ৰে’ল ষ্টেচনত হাতীৰ গতিবিধি পৰ্যবেক্ষণৰ ৰে’ল বিভাগে বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন নকৰাত নেচাৰ্ছ বন্যপ্ৰাণে ৰে’ল বিভাগক জগৰীয়া কৰে। হাতীৰ কৰিড’ৰ হিচাপে বুৰৈঘাট, নাচবৰ আৰু দুই নম্বৰ বৰালিমাৰা ৰে’লগেটৰ পৰা শিয়ালমাৰী ৰে’ল ক্ৰচিং পৰ্যন্ত গতি নিয়ন্ত্ৰণৰ লগতে অন্যান্য ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকা, বেদেতী ৰে’ল ষ্টেচনৰ পৰা হেলেম ৰে’ল ষ্টেচনলৈ যথা সময়ত বাৰ্তা প্ৰেৰণ নকৰাৰ বাবে এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাবটি ল’ব লগাটো ৰে’ল বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় বুলি নেচাৰ্ছ বন্যপ্ৰাণে গণ্য কৰিছে।
Featured