নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

🔹 পোৰাবাংলাত ভাঙিলে কেইবাটাও বাসগৃহ : কথমপি প্ৰাণৰক্ষা
নিয়মীয়া বাৰ্তা, ২৫ জুলাই : খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত বিচৰণ কৰিছেহি বনৰীয়া হাতীৰ জাকে। যাৰ ফলত জনাঞ্চলত হাতী-মানুহৰ সংঘাত নিতৌ বৃদ্ধি পাইছে ‌।‌ নুমলীগড়ৰ বকিয়াল খণ্ড বন বিভাগৰ অধীনৰ পোৰাবাংলাৰ বাইপাছৰ সমীপত পুৱতি নিশা বহুকেইটা বাসগৃহ বনৰীয়া হাতীৰ জাকে ভাঙি তচনচ কৰে। অঞ্চলটোৰ ভূবেন্দ্ৰ টেলেংঙা ,মংগ্লু টেলেঙা, বীৰেন কৰ্মকাৰ আৰু পুতুল দাসৰ বাসগৃহ হাতীয়ে ভাঙি থৈ যায় । কথমপি প্ৰাণৰক্ষা পৰে এই পৰিয়ালসমূহৰ লোকসকলৰ । মূল বাসগৃহৰ লগতে ঘৰৰ আচবাব, সা-সামগ্ৰী হাতীয়ে তহিলং কৰে। যাৰ ফলত দিনহাজিৰা কৰা এইসকল লোক এতিয়া অসহায় হৈ পৰিছে । খাদ্যৰ সন্ধানত হাতীৰ জাকে এতিয়া মানুহৰ ঘৰলৈ ঢাপলি মেলাত বিবুধিত পৰিছে জনতা ।
প্ৰেৰক বিনন ফুকন
Featured