ডিমাকুছিত বন্যহস্তীয়ে চূৰমাৰ কৰিলে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

নিয়মীয়া বাৰ্তা টংলা , ১২ জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ডিমাকুছিতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বিগত কেইবাদিনো ধৰি খাদ্যৰ সন্ধানত  ভূটান পাহাৰ আৰু স্থানীয় অভয়াৰণ্যৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা ভোকাতুৰ বন্যহস্তীয়ে ডিমাকুছিৰ বিভিন্ন  অঞ্চলত মুক্ত বিচৰণ কৰি আহিছে। বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নিদ্ৰা হৰণ কৰি আহিছে অঞ্চলবাসীয়ে। দিনৰ পোহৰত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা বৃহৎ হাতীৰ জাকে প্ৰতিদিনে নিশা হ’লেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি তহিলং কৰি আহিছে ঘৰ-দুৱাৰ, খেতি-বাতি, দোকান-পোহাৰ। পানেৰী বিধানসভা তথা ৩২ নং ভেৰগাঁও পৰষদীয় সমষ্টিৰ অন্তৰ্গত ২নং ডিমাকুছিৰ মণিকা মাঝি নামৰ বিধৱা মহিলাগৰাকীৰ দুটাকৈ ঘৰ দুই-তিনিবাৰকৈ ভাঙি চূড়মাৰ কৰি পেলায় যদিও আজি পৰ্যন্ত খৱৰ ল’বলৈ আহৰি নহ’ল স্থানীয় জনপ্ৰতিনিধিৰ। ইফালে কেইবাটাও পৰিয়ালৰ খেতি-বাতি তামোলৰ বাৰী ধ্বংস কৰিছে বন্যহস্তীয়ে। দুবাৰকৈ এটা থকা ঘৰকে ভাঙি চুড়মাৰ কৰাত থাকিবলৈ অসহায়হীন পৰিছে দুই সন্তানৰ লগতে দৰিদ্ৰ বিধৱা  মহিলাগৰাকী, হাতীয়ে ভাঙি চুড়মাৰ কৰা গৃহতে সন্তানৰ সৈতে অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। কিন্তু এইক্ষেত্ৰত কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাতো দূৰৰে কথা খৱৰ ল’বলৈ আহৰি নহ’ল বনবিভাগ কিম্বা স্থানীয় ই.এম. জনপ্ৰতিনিধিৰ আনহাতে প্ৰথমবাৰ এনে এক বিপদৰ সময়ত অসহায় পৰিয়ালটোৰ ওচৰত থিয় দিছে ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ই.এম সঞ্জিৎ তাঁতীয়ে । জীৱন-মৰণৰ কথা বাদ দি  নিজ সন্তানক বুকুৰ মাজত ৰাখি বন্যহস্তীয়ে  ভঙা গৃহতে আশ্ৰয় লবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোৱে। তেনে সময়ত এগৰাকী জনপ্ৰতিনিধিৰ পৰা ৰাইজে কি আশা কৰিব সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে।  ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত কেতিয়াও যেন সমস্যাৰ অন্ত নপৰিব ভেৰগাঁৱৰ ডিমাকুছি, নালাপাৰা, ৰজাগড়, বাদলাপাৰা, টেংকীবস্তি, বামুনজুলিকে ধৰি বিভিন্ন অঞ্চলৰ। হাতী মানুহৰ সংঘাত ক্ৰমাৎ বাঢ়ি গৈ আছে যদিও হাতী মানুহৰ সংঘাত ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে চৰকাৰ তথা বনবিভাগ, নিচেই ওচৰতে থকা বন বিভাগৰ কাৰ্য্যালয়ত নাই পৰ্যাপ্ত পৰিমাণে হাতী খেদিবলৈ সা-সুবিধা তথা বনকৰ্মী। যাৰ পৰিণতিত এতিয়া প্ৰতিদিনে এই অঞ্চল সমূহৰ বাসিন্দাই দিনে ৰাতিয়ে ব্যস্ত হৈ থাকিব লাগে বন্যহস্তীৰ সন্ত্ৰাসৰ লগত। সেয়েহে স্থানীয় ৰাইজে বিটিআৰ চৰকাৰ ৰাজ্য চৰকাৰৰ ওচৰত শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
Featured