চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ : ভাঙিলে ভঁৰাল-নামঘৰৰ বেৰ

নিয়মীয়া বাৰ্তা, ৩১ মে’ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তী-মানৱৰ সংঘাত । অঞ্চলটোত বন্যহস্তী-মানৱৰ সংঘাত অব্যাহত থকাৰ মাজতে যোৱানিশা চাৰিদুৱাৰৰ মিচিং জনগোষ্ঠী অধ্যুষিত ঢাৰিকাটি পালেংগাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই গাঁওখনৰ এজন লোকৰ বাসগৃহ আৰু ভঁৰাল ভাঙি ধান খাই তহিলং কৰাৰ লগতে গাঁওখনৰ ৰাজহুৱা নামঘৰৰ পকী দেৱাল ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । জানিব পৰা মতে, যোৱানিশা গাঁওখনৰ সমীপৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ জংঘলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা পাঁচটাকৈ বন্যহস্তীয়ে গাঁওখনত ধাৰাসাৰ বৰষুণৰ মাজতে সন্ত্ৰাস সৃষ্টি কৰে । লগতে দেওকণ ঙাটে নামৰ লোকজনৰ বাসগৃহ আৰু ভঁৰাল ভাঙি অনিষ্ট সাধন কৰে । হাতীৰ জাকটোৱে গাঁওখনৰ ৰাজহুৱা নামঘৰটোৰ পকী দেৱাল ভাঙি ক্ষতিগ্ৰস্ত কৰে । হাতীৰ জাকটোক স্থানীয় ৰাইজে টায়াৰ জ্বলাই, ফটকা ফুটাই বহু সময়ৰ পিছতহে বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় । ভুক্তভোগী ৰাইজে চাৰিদুৱাৰ বন বিভাগক অনতিপলমে বন্যহস্তী-মানৱৰ সংঘাতৰ পৰা ৰাইজক উদ্ধাৰ কৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বালিপৰা সংৰক্ষিত বনাঞ্চল, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চল আৰু অৰুণাচল প্ৰদেশৰ ঘন বনাঞ্চলৰ পৰা খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত প্ৰায় প্ৰতিনিশাই জনাঞ্চললৈ ওলাই অহা জাক জাক বন্যহস্তীয়ে চাৰিদুৱাৰ, ঢাৰিকাটি, উত্তৰ ঢাৰিকাটি, পালেংগাঁও, সোণাই মিৰি, সোণাই মিৰি নেপালী, গড়গাঁও, তৰাজান, পোতাশালি, মেকাহি, গামানী, চপালগা, চামলগা, গড়মৰা, বগীজুলি ইত্যাদি বিভিন্ন ঠাইত দীৰ্ঘদিনৰ পৰা ৰাইজৰ ঘৰ-দুৱাৰ, ভঁৰাল ভাঙি, পথাৰৰ ধান, বাৰীৰ শস্য খাই অনিষ্ট কৰাৰ উপৰি বহুকেইজন লোকে হাতীৰ আক্ৰমণত প্ৰাণত্যাগ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হোৱা বুলি ভুক্তভোগী ৰাইজে মত পোষণ কৰিছে । অঞ্চলটোত বন্যহস্তী-মানৱৰ সংঘাত বৃদ্ধিৰ আন এক কাৰণ বনাঞ্চল হ্ৰাস বুলি ভুক্তভোগী ৰাইজে উল্লেখ কৰি বন্যহস্তীৰ তাণ্ডৱৰ স্থায়ী সমাধান কৰি দিবলৈ স্থানীয় চাৰিদুৱাৰ বন বিভাগৰ লগতে বিধায়ক পদ্ম হাজৰিকাক অনুৰোধ জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured