কলিয়াবৰৰ সৰুভগীয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : কলিয়াবৰৰ বিভিন্ন স্থানত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে ইতিপূৰ্বে বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি নিছে। যোৱানিশাও কলিয়াবৰৰ সৰুভগীয়াত বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। সৰুভগীয়াৰ ভবেন বৰুৱাৰ ঘৰত পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। হাতীৰ আক্ৰমণত লোকজনৰ পাকঘৰকে ধৰি ঘৰৰ ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড হয়। বন বিভাগক খবৰ দিয়াৰ পিছতো বহু পলমকৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় বুলি লোকজনে অভিযোগ কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষতো বনৰীয়া হাতীয়ে লোকজনৰ ঘৰত তিনিবাৰ তাণ্ডৱ চলাইছিল। বন বিভাগে লোকজনক ক্ষতিপূৰণৰ আশ্বাস দিছিল যদিও আজিলৈকে সাহায্য নাপালে।

প্ৰেৰক কনক হাজৰিকা

Featured