লোকসভাত গৃহীত মহিলা সংৰক্ষণ বিধেয়ক

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মহিলা সংৰক্ষণ বিধেয়কত (নাৰী ​​শক্তি বন্দন আইন বিধেয়ক) লোকসভাই অনুমোদন জনাইছে। বিধেয়কখনৰ সপক্ষে ভোটদান শ্লিপৰ ব্যৱস্থা কৰা হৈছিল। বিধেয়কখনৰ সপক্ষে ৪৫৪টা ভোট দিয়াৰ বিপৰীতে বিধেয়কৰ বিৰোধিতাত দুটা ভোট পৰে। ভোটদানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল। এতিয়া বিধেয়কখন কাইলৈ ৰাজ্যসভাত দাখিল কৰা হ’ব। আজি সংসদৰ বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰে প্ৰায় ৬০গৰাকী সাংসদে। এই সময়ছোৱাত বিৰোধী দলসমূহৰ অধিকাংশই সাংসদ আৰু বিধানসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰা এই বিধেয়কখনক সমৰ্থন কৰিছিল, লগতে ইয়াক তৎকালে কাৰ্যকৰী কৰি অ’বিচি কোটা অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছিল। ইয়াক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰাৰ সময়তে চৰকাৰে কয় যে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয়।

Featured