পাঠশালাত বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে বাটৰ নাট

নিয়মীয়া বাৰ্তা, ৩১ মে’ : আজি বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে ধঁপাতৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট৷ বজালীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘জান বৃদ্ধি ফাউণ্ডেচন’ৰ উদ্যোগত তথা বজালী জিলা প্ৰশাসন, বজালী শিক্ষাখণ্ড আৰু বজালী জিলা বাৰ্তাজীৱী সংঘৰ সহযোগত আয়োজন কৰা এই বাটৰ নাটখনত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যসকলে অংশগ্ৰহণ কৰি তেওঁলোকৰ সু-অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়৷ মূলত: ধঁপাতজাতীয় বস্তুৰ বিৰুদ্ধে বৰ্তমান প্ৰজন্মক সজাগ কৰাৰ বাবে প্ৰদৰ্শন কৰা বাটৰ নাটখনে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়৷ নিচামুক্তি আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰদৰ্শন কৰা বাটৰ নাটখনত ধঁপাতৰ লগতে মদ, ড্ৰাগছ আদি মাৰাত্মক নিচাযুক্ত সামগ্ৰীসমূহে এখন সুন্দৰ সংসাৰ কেনেদৰে তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে, তাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়৷ নাটখনত অভিনয়ৰ লগতে সহায়-সহযোগিতা আগবঢ়ায়, চম্পক কাকতি, বৰ্ণ প্ৰতিম মেধি, কৃষাণু বৰুৱা, বিকাশ তালুকদাৰ, অবিনাশ মেধি, উষ্মিতা দাস, প্ৰীতম দাস, লীজাশ্ৰী তালুকদাৰ, নয়নমণি শৰ্মা প্ৰমুখ্যে অভিনয় শিল্পীসকলে৷ এই বাটৰ নাটখন প্ৰদৰ্শন কৰাৰ পিছতে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শৰৎ তালুকদাৰে কয় যে আমাৰ সমাজৰ বাবে বৰবিহসদৃশ মাৰাত্মক নিচাযুক্ত সামগ্ৰীসমূহৰ বিৰুদ্ধে যদি জনসচেতনতা আৰু তীব্ৰ আন্দোলন গঢ়ি তোলা নহয়, তেতিয়াহ’লে বিগত তিনিটা দশক ধৰি পালন কৰি অহা ধঁপাতবিৰোধী দিৱসৰ কোনো অৰ্থ নাথাকিব৷

প্ৰেৰক কল্যাণ কলিতা

Featured