‘পৃথিৱীত দিনে ৮ লাখ লোকে আত্মহত্যা কৰে’

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ ‘আজি পৃথিৱীত প্রতিদিনে ৮ লাখ মানুহে আত্মহত্যা কৰে, ৪০ লাখ মানুহে আত্মহত্যাৰ চেষ্টা চলায়৷ ভাৰতবর্ষত এই সংখ্যাৰ অনুপাত কম নহয়৷ গতিকে, কেন্দ্রীয় চৰকাৰে এই প্রসংগত ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷’– নলবাৰীত কালি বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সভাত এইদৰে কয় মনোৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তই৷

উল্লেখ্য যে দিৱসৰ লগত সংগতি ৰাখি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কালি এখন সজাগতা সভা অনুষ্ঠিত হয়৷ লগতে এখন চুটি ছবি উন্মোচন আৰু প্রদর্শন কৰা হয়৷ মনোৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তই আঁত ধৰা সভাত সভাপতিত্ব কৰে ভাৰপ্রাপ্ত অধীক্ষক ডাঃ ৰমেশ চন্দ্র ভট্টাচার্যই৷ মানসিক ৰোগ, ইয়াৰ বাবে প্রয়োজনীয় সজাগতা, চিকিৎসা সম্পর্কে তথ্যসম্বলিত বত্তৃণতা প্রদান কৰে ডাঃ কৈলাস ডেকা আৰু ডাঃ দীপ্তিৰাণী চৌধুৰী আৰু ডাঃ দিলীপ শইকীয়াই৷

ব্যৱহাৰিক মনোবিদ সংগীতা দাস, মনোৰোগ সমাজসেৱিকা মমী শর্মা, জ্যোৎস্নাৰাণী পাঠক আদিয়ে অংশগ্রহণ কৰা সভাত ক’ৰোনা কালত মানসিক ৰোগবিষয়ক ‘আকৌ নতুন প্রভাত’ শীর্ষক ছবিখনৰ কাহিনী, চিত্র নাট্যকাৰ আৰু পৰিচালক মুকুল ঈদিপাছ, সামগ্রিক পৰিকল্পক উদ্ধৱ চন্দ্র ঠাকুৰীয়াক সম্বর্ধনা জনোৱা হয়৷ সভাৰ সামৰণি পর্বত প্রদর্শন কৰা চুটি ছবিখন উন্মোচন কৰে ডাঃ কৈলাস ডেকাই৷