ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সাহিত্যিক য়েছে দৰজে ঠংচিৰে অন্তৰংগ আলাপ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি অসমীয়া সাহিত্যৰ এগৰাকী স্বনামধন্য সাহিত্যিক য়েছে দৰজে ঠংচিৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত  হয়। অনুষ্ঠানটোত  সাহিত্যিকগৰাকীক বিশেষ ভাৱে সম্বৰ্ধিত কৰাৰ পিছত দিয়া নিজৰ আদৰণি  ভাষণত  মহাবিদ্যালয়টোৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে মহাবিদ্যালয়খনৰ জন্মলগ্নৰ ইতিহাস ব্যক্ত কৰাৰ লগতে সাহিত্যিকগৰাকীৰ পদাৰ্পণে মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোক ধন্য কৰিলে বুলি উল্লেখ কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই সাহিত্যিকগৰাকীৰ জীৱন–কৰ্মৰ ওপৰত আলোকপাত কৰে আৰু তেখেতৰ সাহিত্য কৰ্মৰ ব্যাখ্যা দাঙি ধৰে।

 

আজিৰ সেই অন্তৰংগ আলাপৰ কাৰ্য্যসূচীত দিয়া ভাষণত সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক য়েছে দৰজে ঠংচিয়ে শিক্ষা লাভৰ অভিজ্ঞতাৰ উপৰিও নিজৰ সাহিত্য চৰ্চাৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰে। অসমীয়া মাধ্যমত পঢ়ি অত্যন্ত সুখী বুলি উল্লেখ কৰি সাহিত্যিকগৰাকীয়ে অসমীয়া মাধ্যমত পঢ়াৰ বাবে তেখেত আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল;  ৰাইজৰ সন্মান লাভ কৰিলে বুলি উল্লেখ্ কৰে। ভাষণ প্ৰসংগত  সাহিত্যিক ঠংচিয়ে সৃষ্টিশীল সাহিত্যিৰ ওপৰত  এক তথ্য গধুৰ বক্তৱ্য আগবঢ়ায়।  আজিৰ এই কাৰ্য্যসূচীত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী  অধ্যাপক ড৹ দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰীকে ধৰি  ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড৹ অলকা শৰ্মা, অধ্যাপক-অধ্যাপিকা ড.পলী বেজবৰুৱা,ড.কৰুণা কান্ত দাস, দেৱশ্ৰী ৰায়, ছাইফুল হাচান, দীপাংকৰ বৰা, ড৹ মালবিকা বৰা, ধৰিত্ৰী সৰকাৰ, মতিউৰ ৰহমান, ছাইদুল ইছলাম, বেবী বৰা, গ্ৰন্থাগাৰিক কংকণা চক্ৰৱৰ্তী প্ৰমুখ্যে প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অন্তত জাতীয় সংগীত পৰিবশনেৰে আজিৰ সেই বিশেষ কাৰ্য্যসূচীৰ সামৰণি পৰে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,