নেহৰু ময়দান তেজপুৰত যোগ দিৱস পালন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২১ জুন : “নিজৰ আৰু সমাজৰ বাবে যোগাসন “শীৰ্ষক মন্ত্ৰেৰে আজি সমগ্ৰ বিশ্বজুৰি পালিত হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই উপলক্ষে সমগ্ৰ ৰাষ্ট্ৰৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰৰ নেহৰু ময়দানত অসম চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত আয়োজন কৰা যোগ দিৱসৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা, পৰিবহন, আবকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি,মীন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগৰ আৰু গৃহ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ লগত একেলগে যোগাসনত অংশ গ্ৰহন কৰে। আজিৰ যোগাসনত প্ৰাক্তন সাংসদ পল্লবলোচন দাস, বৰছলা, তেজপুৰ, ৰঙাপাৰা সমষ্টিৰ বিধায়কসকল ক্ৰমে গণেশ লিম্বু, পৃথ্বিৰাজ ৰাভা, কৃষ্ণকমল তাঁতী, মুখ্য সচিব ডঃ ৰবি কোটা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, সেনাৰ চতুৰ্থ ক’ৰৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল মনিশ এৰি, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবুৱে আদৰণি ভাষন প্ৰদান কৰা যোগ দিৱসৰ কাৰ্য্যসূচীত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সেনা,এছ এছ বি, আই টি বি পি, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী,অসম আৰক্ষী,দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান সকলে অংশ গ্ৰহণ কৰে। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় বস্তু নিজৰ আৰু সমাজৰ বাবে যোগাসন বাণীৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু আয়ুষ বিভাগে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা ৰাজ্যিক ভিত্তিক কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰকাশিত পুস্তিকা উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।আনহাতে ৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্য্যসূচীৰ যোগভ্যাসত অংশ গ্ৰহন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত যোগ আজি বিশ্বৰ চুকে কোনে বিয়পি পৰিছে বুলি উল্লেখ কৰে আৰু যোগে মানুহৰ শৰীৰ নিৰোগী কৰাৰ উপৰিও মানুহৰ শ্বাস প্ৰশ্বাসত নিয়ন্ত্ৰণ থাকিলে মানসিক সন্তোলন বজাই ৰখাত সহায় কৰে বুলি কয়। মুখ্যমন্ত্ৰী গৰাকীয়ে অভিভাৱক সকলক কম বয়সত ল’ৰা ছোৱালীক যোগ,প্ৰনায়াম আৰু ধ্যানৰ লগত চিনাকি কৰি দিবলৈ আহ্বান জনায়। আনহাতে ভাৰত চীন সীমান্তত দেশৰ নিৰাপত্তাত অগ্ৰনী ভূমিকা গ্ৰহন কৰা ভাৰতীয় সেনাৰ চতুৰ্থ ক’ৰৰে উত্তৰ পূৱত থকা চীনা সীমান্ত সুৰক্ষিত কৰাৰ দায়িত্বত থকাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে অসমত সন্ত্ৰাস বিৰোধী অভিযানত নিয়োজিত সেনা বৰ্তমান আফছা প্ৰত্যাহাৰৰ পিছত সেনাৰ আইন শৃংখলাৰ লগত সম্পৰ্ক কমি যোৱা বুলি ব্যক্ত কৰে আৰু বৰ্তমান মাৰাথন, নাও খেল আৰু ডুৰান্ত কাপ ফুটবল খেল অনুষ্ঠিত কৰি অহা সেনাৰ জ্যেষ্ঠ বিষয়াৰ লগত তেজপুৰলৈ আহিলে মাজে মাজে সৌজন্যমূলক সাক্ষাত হোৱাৰ কথা সদৰী কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে ১৫আগষ্টৰ পূৰ্বে অসম মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হ’ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।

প্ৰেৰক পুলক কুমাৰ ডেকা

Featured