যুৱ সাহিত্যিক ডাঃ নয়নজ্যোতি শৰ্মালৈ সাহিত্য অকাডেমি যুৱ বঁ‌টা

🔹 উৎফুল্লিত নলবাৰী জিলাবাসী
নিয়মীয়া বাৰ্তা, ১৫ জুন : যুৱ সাহিত্যিক-চিকিৎসক নলবাৰীৰ সু-সন্তান ডাঃ নয়নজ্যোতি শৰ্মালৈ সাহিত্য অকাডেমিৰ যুৱ শিতানৰ বঁ‌টা ঘোষণা কৰিছে। “জাল কটা জুই” শীৰ্ষক গল্প সংকলনখনিৰ বাবে শৰ্মালৈ সাহিত্য একাডেমিয়ে আজি এই ঘোষণা কৰিছে। নলবাৰী চহৰৰ কলেজ চ’কৰ মমাত নগৰ পথৰ বাসিন্দা অৱসৰী শিক্ষক খনীন্দ্ৰ শৰ্মা আৰু শিক্ষয়িত্ৰী ঊষা দেৱীৰ পুত্ৰ নয়নজ্যোতি শৰ্মা জালুকবাৰী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ বৰ্তমান নলবাৰী শুশ্ৰূষা হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে । এগৰাকী কৰ্মৰত চিকিৎসক হৈও তেওঁ‌ দৈনিক লিখা-মেলা আৰু বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল পায়। অপূৰ্ব শৰ্মাৰ গল্প আৰু আৰ্জেন্টিনাৰ হৰ্হে লুই বইছেৰ গল্প পঢ়ি বেছি ভাল পায় বুলি উল্লেখ কৰি তেওঁ‌  ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা আৰু হোমেন বৰগোহাঞিৰ গল্প-লেখা পঢ়ি ভাল পায় বুলিও কয় । ইতিপূৰ্বে এই গল্প সংকলনখনৰ বাবে তেওঁ‌ মুনীন বৰকটকী বঁ‌টাও লাভ কৰিছে । অসম প্ৰকাশন পৰিষদৰ পৰা তেওঁ‌ৰ “Black beuty” নামৰ অনুবাদ গ্ৰন্থ এখন প্ৰকাশ পাইছে। মুঠ ১৪টা গল্প সন্নিৱিষ্ট “জাল কটা জুই” গ্ৰন্থখন গুৱাহাটীৰ পাণবজাৰস্থিত পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিছে। যুৱ সাহিত্যিকগৰাকীয়ে এই বঁ‌টা লাভ কৰা খবৰে নলবাৰী জিলাবাসীক উৎফুল্লিত কৰি তুলিছে। বহু সাহিত্যসেৱী আৰু শুভাকাংক্ষীয়ে যুৱ সাহিত্যিকগৰাকীৰ গৃহত উপস্থিত হৈ অভিনন্দন জনাইছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
Featured