প্রতিবাদস্থলীতে আটক ৰিপুণ–গৌৰৱ–খালেক্-ৰকিবুলক

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অসম প্রদেশ যুৱ কংগ্রেছ কমিটীৰ উদ্যোগত মঙলবাৰে গুৱাহাটীৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু কৃষকবিৰোধী আইনৰ বিৰুদ্ধে যুৱ হুংকাৰ কার্যসূচী পালন কৰে৷ নিখিল ভাৰত যুৱ কংগ্রেছৰ সভাপতি শ্রীনিৱাস, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, প্রাক্তন সাংসদ আৰ পি শর্মা, নিখিল ভাৰত যুৱ কংগ্রেছৰ সম্পাদক অজয় ছিকাৰীয়া, শ্বৰিফা ৰহমান, কৃষ্ণা দাস, প্রদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী আদিৰ উপস্থিতিত অনুষ্ঠিত সেই কার্যসূচীৰ পিছতেই তেওঁলোকে প্রতিবাদী সমদল উলিয়াবলৈ উদ্যত হয়৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তেওঁলোকক প্রতিবাদী সমদল উলিওৱাত বাধা প্রদান কৰি প্রতিবাদস্থলীৰ পৰাই আটক কৰি নিয়ে৷ ইপিনে, উক্ত যুৱ হুংকাৰ কার্যসূচীত অংশগ্রহণ কৰি সাংসদ গৌৰৱ গগৈয়ে ভাষণত কয় যে শীতৰ পিছত গৰম, আন্ধাৰৰ পিছত পোহৰ অহাৰ দৰে ইতিহাসৰ পুনৰাবৃত্তি হৈ এইবাৰ অসমত পুনৰ কংগ্রেছৰ চৰকাৰ আহিবই৷ ইয়াৰ বাবে যুৱ কংগ্রেছীসকলে আজি গুৱাহাটীত গ্রহণ কৰা কার্যসূচীৰ দৰে অনাগত দিনত সেই কার্যসূচী জিলা, ব্লক, পঞ্চায়ত, ৱার্ড পর্যায়লৈ লৈ যাব লাগিব৷ কষ্ট কৰিলে ভাল ফল আহিবই৷ তাৰ বাবে প্রতিগৰাকী যুৱ কংগ্রেছীয়ে এই দিনকেইটা অত্যন্ত কষ্ট কৰিব লাগিব৷

আসন্ন বিধানসভা নির্বাচনত যুৱ কংগ্রেছীক টিকট প্রদানত অগ্রাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে দলীয় প্রার্থী বাছনিৰ ক্ষেত্রত এইবাৰ দলে যুৱ কংগ্রেছৰ পৰামর্শ ল’ব৷ সমষ্টিয়ে সমষ্টিয়ে যিসকল প্রার্থিত্বৰ দাবীদাৰ হ’ব, তেওঁলোকৰ কোন কোন বাস্তৱতে যুৱ কংগ্রেছৰ লগত আছে সেয়া বিচাৰ কৰিব৷ এইবাৰ দলৰ টিকট বিচাৰি দিল্লী–দিছপুৰত ঘূৰিলে নহ’ব৷ সেইদৰে যুৱ কংগ্রেছৰ সর্বভাৰতীয় সভাপতি শ্রীনিৱাসে ভাষণত কয় যে প্রয়াত তৰুণ গগৈৰ আত্মাৰ শান্তিৰ বাবে যুৱ কংগ্রেছীসকলে এইবাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে চৰকাৰ চলোৱা বর্তমানৰ বিজেপি চৰকাৰখনক উৎখাত কৰিব লাগিব৷ অহা নির্বাচন সত্য আৰু অসত্যৰ যুঁজ বুলি উল্লেখ কৰি তেওঁ কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰ আৰু ৰাজ্যৰ সর্বানন্দ সোণোৱাল চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত আসন্ন বিধানসভা নির্বাচনত বিজেপিৰ বিশ্বাসঘাতকতা, প্রতাৰণাৰ যোগ্য প্রত্যুত্তৰ দিবলৈ আহ্বান জনায়৷ ইয়াৰ বাবে দলে ইতিমধ্যে চামগুৰিত বুথ সন্মিলন অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অহা ১১ জানুৱাৰীত প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিত সৰুক্ষেত্রীত বুথ সন্মিলন অনুষ্ঠিত কৰিব৷ অহা ১৬ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ প্রতিটো সমষ্টিতে বুথ সন্মিলন অনুষ্ঠিত হ’ব৷ সেইদৰে সাংসদ আব্দুল খালেকে ভাষণত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দুখনে যুৱ সমাজক প্রতাৰণা কৰি অহাৰ উল্লেখ কৰি কয় যে তেওঁলোকে এইবাৰ ঘৃণাৰ নামত ৰাজনীতি খেলিব বিচাৰিছে৷ ঘৃণা সভ্যতাৰ সৃষ্টি কৰিব বিচাৰিছে৷