কৰিমগঞ্জৰ বদৰপুৰত হিটষ্ট্ৰ’কত নিৰাপত্তাৰক্ষীৰ মৃত্যু

নিয়মীয়া বাৰ্তা,  ২৬ মে’ : অসহ্যকৰ  গৰম!  গৰমৰ মাজতে ৰ’দত ডিউটি কৰি থকা অৱস্থাতে এগৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে । দেওবাৰে বদৰপুৰঘাটৰ ভেলী চিমেণ্ট কোম্পানীৰ মূল গেটত ডিউটি কৰিছিল ছিকিউৰিটী গাৰ্ডে আৰু তেনে অৱস্থাতে সংঘটিত হয় এই কৰুণ ঘটনা।  যুৱকজনৰ হিটষ্ট্ৰ’কত মৃত্যু হোৱা বুলি বহুতে ধাৰণা কৰিছে।  ৩৮ বছৰীয়া অমৰ সিনহাই চিমেণ্ট কোম্পানীটোত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। মূল গেটত কৰ্তব্যৰত অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে অমৰ। লগে লগে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। তেওঁৰ মৃত্যু গৰমৰ ফলত হৈছে বুলি চিকিৎসকে উল্লেখ কৰিছে। জানিব পৰা মতে, মৃত যুৱকজন পাথাৰকান্দিৰ বাসিন্দা। মাত্ৰ দুদিন পূৰ্বে তেওঁ কোম্পানীটোত নিৰাপত্তাৰক্ষী হিচাপে যোগদান কৰিছিল। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

 

প্ৰেৰক গৌতম তালুকদাৰ

 

Featured